অসমীয়াৰাষ্ট্ৰীয়

সাৱধান! বছৰত ৫ বাৰ যাতায়াতৰ নিয়ম উলংঘা কৰিলেই বাতিল হ’ব পাৰে আপোনাৰ ড্ৰাইভিং লাইচেন্স

নিউজ ডেস্কঃ দেশৰ বৰ্ধিত পথ দুৰ্ঘটনা ৰোধৰ বাবে চৰকাৰে অধিক কঠোৰ কৰিছে মটৰ বাহন আইনৰ প্ৰচলিত নিৰ্দেশনা। বেপৰোৱা চালকক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন সিদ্ধান্ত অনুসৰি, কোনো চালকে যদি এটা বছৰৰ ভিতৰত পাঁচবাৰ বা তাতকৈ অধিক বাৰ যান-বাহনৰ নিয়ম উলংঘা কৰে, তেন্তে তেওঁৰ ড্ৰাইভিং লাইচেন্স চিৰদিনৰ বাবে বাতিল বা নিলম্বন কৰা হ’ব।

বিশেষকৈ তীব্ৰ বেগত গাড়ী চলোৱা, ট্ৰাফিক চিগনেল অমান্য কৰা আৰু ভুল দিশত বাহন চলোৱাৰ দৰে অপৰাধৰ ওপৰত এতিয়াৰে পৰা কঠোৰ দৃষ্টি ৰখা হ’ব। বাৰে বাৰে নিয়ম ভংগ কৰা চালকসকলক পথৰ পৰা আঁতৰাই ৰাখি যাত্ৰী আৰু পথচাৰীৰ নিৰাপত্তা নিশ্চিত কৰাই এই নতুন নিয়মৰ মূল লক্ষ্য।

ইতিমধ্যে পৰিবহণ মন্ত্ৰালয়ে সংশ্লিষ্ট বিভাগসমূহক চালকৰ সকলো অপৰাধৰ ডিজিটেল ৰেকৰ্ড আৰু চি চি টিভি ফুটেজৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। এই নতুন ব্যৱস্থাই দেশৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *