নিউজ ডেস্কঃ চৰম মানসিক ধৈৰ্য আৰু অদম্য ইচ্ছাশক্তিৰ পৰিচয় দি ৪৮ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত বিফল হোৱাৰ পাছতো অৱশেষত চৰকাৰী চাকৰিৰ যুঁজত জয়ী হ’ল ৰাজস্থানৰ সন্দীপ কুমাৰ। ২০১৯ চনৰ পৰাই অবিৰতভাৱে যুঁজ দি অহা সন্দীপৰ এই সংগ্ৰামী যাত্ৰাই বৰ্তমান দেশৰ লক্ষ লক্ষ নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। শেহতীয়াকৈ ঘোষিত জেল প্ৰহৰী নিযুক্তি পৰীক্ষাত সফলতা অৰ্জন কৰি এতিয়া তেওঁ ৰাজস্থান আৰক্ষীৰ জেল প্ৰহৰী হিচাপে নিৰ্বাচিত হৈছে।
প্ৰাপ্ত তথ্যমতে, ২০১৯ চনৰ পৰা সন্দীপে ৰাজস্থান আৰক্ষী, পাটোৱাৰী আৰু বনৰক্ষীৰ দৰে বিভিন্ন বিভাগৰ প্ৰায় ৪৮ টা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বহুবাৰ তেওঁ মেৰিট লিষ্টৰ নিচেই কাষ চাপিও বঞ্চিত হ’বলগীয়া হৈছিল যদিও তেওঁ কেতিয়াও হাৰ মানিবলৈ শিকা নাছিল। জেল প্ৰহৰী পৰীক্ষাত সমগ্ৰ ৰাজ্যৰ ভিতৰত ১৯৪ সংখ্যক স্থান দখল কৰি সন্দীপে প্ৰমাণ কৰি দিলে যে পৰিশ্ৰমৰ কোনো বিকল্প নাই।

সন্দীপৰ এই বিৰল সফলতাক লৈ বৰ্তমান ছ’চিয়েল মিডিয়াতো চৰ্চা চলিছে। ৰাজস্থান কৰ্মচাৰী বাচনি ব’ৰ্ডৰ অধ্যক্ষ আলোক ৰাজে এক্সযোগে সন্দীপৰ ধৈৰ্যৰ প্ৰশংসা কৰি লিখিছে, “সন্দীপ ডাঙৰীয়া, আপোনাৰ এই কাহিনী সেইসকল লাখ লাখ যুৱকৰ বাবে প্ৰেৰণা যিয়ে বিফল হৈ অস্ত্ৰ সামৰি লয়।” পৰিয়ালৰ পূৰ্ণ সমৰ্থন আৰু নিজৰ ওপৰত থকা অটুট বিশ্বাসেই তেওঁক এই দুৰ্গম পথ অতিক্ৰম কৰাত সহায় কৰিলে বুলি সন্দীপে সদৰী কৰে।









