নিজৰ জীৱন দি ২০ টাকৈ কণমানিৰ প্ৰাণৰক্ষা এগৰাকী অংগনৱাড়ী কৰ্মীৰ

নিউজ ডেস্কঃ নিজৰ জীৱন দি হ’লেও ২০ টাকৈ কণমানি শিশুক নতুন জীৱন দান দি এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী অংগনৱাড়ী কৰ্মীয়ে। অংগনৱাড়ী কেন্দ্ৰটোৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ এজাক মৌমাখিয়ে আক্ৰমণ কৰা শিশুসকলক নিজৰ শৰীৰেৰে আৱৰি ধৰি শিশুকেইটিৰ প্ৰাণ ৰক্ষা কৰে অংগনবাড়ী কৰ্মী কাঞ্চন বাই মেঘৱালে। অৱশ্যে এনে কৰিবলৈ গৈ নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল তেওঁ। মধ্যপ্ৰদেশৰ নিমাত সংঘটিত হোৱা এই কৰুণ ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোকৰ ছাঁ পেলাইছে।

ঘটনাৰ বিৱৰণী অনুসৰি, মাদৱাড়া পঞ্চায়তৰ কেন্দ্ৰটোত শিশুসকলে খেলি থকা অৱস্থাত এটা বিশাল মৌমাখিৰ জাকে তেওঁলোকক ঘেৰি ধৰে। কাঞ্চন বায়ে এক মুহূৰ্তও বিলম্ব নকৰাকৈ ওচৰতে থকা এখন তিৰ্পাল আৰু চাদৰ লৈ শিশুসকলক ৰক্ষা কৰিবলৈ ঢপলিয়াই যায়।

শ শ মৌমাখিয়ে কাঞ্চনৰ সমস্ত শৰীৰত বিন্ধি ক্ষত-বিক্ষত কৰি পেলায় যদিও শেষৰটো শিশুক সুৰক্ষিত নকৰালৈকে তেওঁ পিছহুহকি নাহিল। শিশু সকলৰ জীৱন ৰক্ষা কৰাৰ পিছত মাটিত ঢলি পৰে কাঞ্চন বাই। পিছত গাঁওবাসী উপস্থিত হৈ তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মঙলবাৰে মৰণোত্তৰ পৰীক্ষাৰ শেষত ৰাণপুৰ গাঁৱলৈ মৃতদেহ অনাৰ সময়ত সহস্ৰাধিক লোকে এইগৰাকী বীৰংগনাক চকুলোৰে বিদায় জনায়। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কাঞ্চনৰ স্বামী পক্ষাঘাতগ্ৰস্ত আৰু তেওঁ তিনিটাকৈ সন্তানক ইহসংসাৰত এৰি থৈ গৈছে।

বৰ্তমান গাঁৱৰ ৰাইজে এইগৰাকী নিঃস্বাৰ্থ কৰ্মীৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য প্ৰদানৰ লগতে গছত থকা বিপদজনক মৌচাকটো আঁতৰাবলৈ তীব্ৰ দাবী জনাইছে।

Leave a Comment