প্ৰেৰণাদায়ক! ৩ টকাৰ্ পৰা ৮০০ কোটিলৈ অনন্য যাত্ৰা, জানক দুগ্ধ ব্যৱসায়ী নাৰায়ণ মজুমদাৰৰ কাহিনী…

নিউজ ডেস্কঃ সেয়া আছিল ১৯৭৫ চন। পশ্চিমবংগৰ আৰ্থিক অনাটনে জুৰুলা কৰা এটা সাধাৰণ কৃষক পৰিয়ালৰ ১৭ বছৰীয়া পুত্ৰই দুটকা উপাৰ্জনৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল।

পৰিয়ালৰ দাৰিদ্ৰ্যতা দূৰ কৰাৰ বাবে অ’ত ত’ত আৰম্ভ কৰিছিল কাম। অৱশেষত হাৰিয়ানাৰ কৰ্ণালস্থিত ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ কেম্পাছত গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল ১৭ বছৰীয়া কিশোৰজনে।

সেই সময়ত তেওঁৰ উপাৰ্জন আছিল ৩ টকা।

image 2
প্ৰেৰণাদায়ক! ৩ টকাৰ্ পৰা ৮০০ কোটিলৈ অনন্য যাত্ৰা, জানক দুগ্ধ ব্যৱসায়ী নাৰায়ণ মজুমদাৰৰ কাহিনী… 8

কিন্তু সময় তেওঁৰ বাবে তাতেই স্থিৰ হৈ থকা নাছিল। যাৰ বাবে ২২ বছৰ পিছত তেওঁ প্ৰতিষ্ঠা কৰা দুগ্ধ কোম্পানীয়ে আজি বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৮০০ কোটিৰো অধিক টকা।

তেঁৱেই হৈছে পূব ভাৰতৰ আটাইতকৈ জনপ্ৰিয় দুগ্ধ কোম্পানী ৰেড কাউ ডেইৰীৰ স্বত্বাধিকাৰ নাৰায়ণ মজুমদাৰ।

পশ্চিম বংগৰ নাদিয়া জিলাৰ নিৱাসী নাৰায়ণ মজুমদাৰৰ দুগ্ধ কোম্পানী আজি গাখীৰৰ লগতে গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰী যেনে- ঘিউ, মাখন, পনীৰ আৰু ৰসগোল্লাৰ বাবে বেছ জনপ্ৰিয়।

১৯৫৮ চনৰ ২৫ জুলাই জন্মগ্ৰহণ কৰা নাৰায়ণ মজুমদাৰ আছিল কৃষক পিতৃৰ তিনি সন্তানৰ মাজু পো।

image 3
প্ৰেৰণাদায়ক! ৩ টকাৰ্ পৰা ৮০০ কোটিলৈ অনন্য যাত্ৰা, জানক দুগ্ধ ব্যৱসায়ী নাৰায়ণ মজুমদাৰৰ কাহিনী… 9

পিতৃ বিমলেন্দু মজুমদাৰ আৰু মাতৃ বসন্তী মজুমদাৰৰ সংসাৰ আছিল অভাৱে জুৰুলা কৰা। সেয়ে ১৭ বছৰ বয়সত অধ্যয়নৰ সমান্তৰালভাৱে উপাৰ্জনৰো মন মেলিবলগীয়া হৈছিল নাৰায়ন মজুমদাৰে।

হাওৰাত ঘৰে ঘৰে গৈ তেওঁ গাখীৰ সংগ্ৰহ কৰি সেয়া বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। কামৰ লগতে পঢ়া শুনাও অব্যাহত ৰাখি নাৰায়ণ মজুমদাৰে ১৯৭৫ চনত কৰ্ণালৰ এন ডি আৰ আইৰ পৰা ডেইৰী টেকন’লজিত বি.এছ.চি. ডিগ্ৰী লাভ কৰে।

ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত মজুমদাৰক কলকাতাৰ কোৱালিটি আইচক্ৰীমৰ পৰা দুগ্ধ ৰসায়নবিদ হিচাপে নিযুক্তি দিয়া হয়। তেতিয়া তেওঁৰ দৰমহা আছিল ৬১২ টকা।

image 4
প্ৰেৰণাদায়ক! ৩ টকাৰ্ পৰা ৮০০ কোটিলৈ অনন্য যাত্ৰা, জানক দুগ্ধ ব্যৱসায়ী নাৰায়ণ মজুমদাৰৰ কাহিনী… 10

গাঁৱৰ পৰা অফিচ পাবলৈ তেওঁ পুৱা ৫ বজাতে ঘৰৰ পৰা ৰাওনা হৈছিল। ৰে’লযাত্ৰা কৰি নিশা প্ৰায় ১১ বজাত তেওঁ পুনৰ উপস্থিত হৈছিল ঘৰত।

সেই সময়ত হাতত চাকি লৈ ৰে’ল ষ্টেছনত প্ৰতিদিনেই নাৰায়ণ মজুমদাৰৰ বাবে অপেক্ষা কৰিছিল তেওঁৰ পিতৃয়ে।

কিন্তু এনে কঠোৰ পৰিশ্ৰমৰ বাবে তিনি মাহ পিছতে চাকৰি ত্যাগ কৰে মজুমদাৰে। তাৰ পিছত তেওঁ শিলিগুৰিৰ হিমলু (হিমালয় সমবায়)ত চাকৰি লাভ কৰে।

ইয়াতে তেওঁ লগ পায় মাডাৰ ডেইৰীৰ জেনেৰেল মেনেজাৰ ডাঃ জগজিত পুঞ্জৰথক। তেওঁ নাৰায়ণ মজুমদাৰক কলিকতাত মাডাৰ ডেইৰীত যোগদান কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল।

image 5
প্ৰেৰণাদায়ক! ৩ টকাৰ্ পৰা ৮০০ কোটিলৈ অনন্য যাত্ৰা, জানক দুগ্ধ ব্যৱসায়ী নাৰায়ণ মজুমদাৰৰ কাহিনী… 11

১৯৮১ চনত তেওঁ মাদাৰ ডেইৰীত কাম আৰম্ভ কৰে। ইয়াত তেওঁ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ১৯৮৫ চনত মাজুমদাৰে মাদাৰ ডেইৰী এৰি বাহৰেইনৰ ডেনিছ ডেইৰী ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনত কাম কৰিবলৈ লয়।

তিনিমাহ বাহৰেইনত কাম কৰাৰ পিছত তেওঁ পুনৰ কলকাতালৈ উভতি আহে। আকৌ মাদাৰ ডেইৰীত কাম কৰিবলৈ ধৰিলে।

১৯৯৫ চনত মাজুমদাৰ হাওৰাৰ থাকেৰ ডেইৰী প্ৰডাক্টছৰ কনচালটেণ্ট জেনেৰেল মেনেজাৰ হয়। এটা সময় আহিল যেতিয়া তেওঁ এই কোম্পানীটোৰ বাবে দুগ্ধ পালকৰ পৰা গাখীৰ কিনিবলৈ আৰম্ভ কৰিলে। স্থানীয় ব্যৱসায়ীসকলে গাখীৰ উৎপাদনকাৰী কৃষকক কুৎসিত পদ্ধতি গ্ৰহণ কৰি প্ৰতাৰণা কৰিছিল।

image 6
প্ৰেৰণাদায়ক! ৩ টকাৰ্ পৰা ৮০০ কোটিলৈ অনন্য যাত্ৰা, জানক দুগ্ধ ব্যৱসায়ী নাৰায়ণ মজুমদাৰৰ কাহিনী… 12

আগতে তেওঁলোকক প্ৰতি লিটাৰত ৭ টকাৰ পৰা ৮ টকা দিছিল। মজুমদাৰে আগতে একে গাখীৰ প্ৰতি লিটাৰত ১০-১২ টকাত কিনিছিল। নাৰায়ণ মজুমদাৰে খেতিয়কক গাখীৰৰ মানদণ্ডকে ধৰি সকলো কথা বুজাবলৈ ধৰিলে। এইটোৱেই ক্ৰমান্বয়ে তেওঁৰ নাম হৈ পৰিল। গাখীৰ কিনিবলৈ চাইকেলেৰে গৈছিল।

নাৰায়ণ মজুমদাৰৰ কাৰ্যত আপ্লুত হৈ থাকৰে ১৯৯৭ চনত তেওঁৰ বাবে এটা চিলিং প্লাণ্ট স্থাপন কৰে। তিনিমাহৰ ভিতৰতে এই উদ্যোগটো লাভজনক হৈ উঠিল। মজুমদাৰে ১৯৯৯ চনত ৭-১০ লাখ টকাৰ বিনিয়োগেৰে নিজৰ চিলিং প্লাণ্ট স্থাপন কৰিছিল।

২০০০ চনত তেওঁ থাকৰেৰ পৰাও এটা চিলিং ইউনিট কিনিছিল। সেই বছৰতে তেওঁ ৫০০ লিটাৰ ক্ষমতাৰ প্ৰথমখন গাখীৰৰ টেংকাৰ ক্ৰয় কৰিছিল। ২০০০ চনত নিজেই তেওঁ মালিকানাধীন প্ৰতিষ্ঠানটোক অংশীদাৰিত্ব নিগমলৈ ৰূপান্তৰিত কৰে।

ইয়াৰ বাবে তেওঁ পত্নীক অংশীদাৰ হিচাপে যোগ কৰিলে। ২০০৩ চনত মজুমদাৰে থাকৰ ডেইৰী এৰি ৰেড কাউ ডেইৰী নামৰ কোম্পানী এটা আৰম্ভ কৰে।

image 7
প্ৰেৰণাদায়ক! ৩ টকাৰ্ পৰা ৮০০ কোটিলৈ অনন্য যাত্ৰা, জানক দুগ্ধ ব্যৱসায়ী নাৰায়ণ মজুমদাৰৰ কাহিনী… 13

কিন্তু প্ৰতিযোগিতা বাঢ়ি অহাৰ লগে লগে মজুমদাৰে উপলব্ধি কৰিলে যে তেওঁ উদ্ভাৱন কৰিব লাগিব। ২০০৭ চনত তেওঁলোকে কলকাতা ডেইৰীৰ সৈতে বান্ধ খায়। ইয়াৰ লগতে মুকলি কৰিলে ৰেড কাউ পলি পাউচ।

নাৰায়ণৰ পুত্ৰ নন্দনেও সেই বছৰৰ ২৫ আগষ্টত পিতৃৰ ব্যৱসায়ত যোগদান কৰে। ৰেড কাউ ডেইৰীৰ আজিলৈকে তিনিটা উৎপাদন কাৰখানা আছে। ই এক হাজাৰৰো অধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে।

বংগৰ ১২খন জিলাত ৩ লাখৰো অধিক কৃষক এই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত। কোম্পানীটোৰ টাৰ্ণঅভাৰ ৮০০ কোটিৰো অধিক।