ভাল খবৰ! নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত অসম সন্তান আদিল হুছেইন…

নিউজ ডেস্কঃ অসমবাসী তথা সমগ্ৰ ছবি প্ৰেমীৰ বাবেই এক ভাল খবৰ।

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল, ২০২৩ৰ শ্ৰেষ্ঠ অভিনেতা শিতানৰ বাবে মনোনীত সুযোগ্য অসম সন্তান তথা তাৰকা অভিনেতা আদিল হুছেইন।

তেওঁৰ ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ত কৰা অভিনয়ৰ বাবে মনোনীত হৈছে অভিনেতাগৰাকী।

এই ভাললগা খবৰ নিজেই টুইটযোগে প্ৰকাশ কৰিছে আদিল হুছেইনে।

উল্লেখ্য যে, নাটালিয়া শ্যামৰ দ্বাৰা পৰিচালিত ইংৰাজী ছবি ফুটপ্ৰিণ্টছ অন ৱাটাৰত আদিল হুছেইনৰ উপৰিও অভিনয় কৰিছে নিমিষা সজয়ন, লেনা, ডেনী ছুৰাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় আৰু প্ৰবীণ অভিনেতাই।