অসমীয়াৰাষ্ট্ৰীয়

দুবেলা দুমুঠি খাব পোৱাটোও আছিল এদিন এটা সপোন! টকাৰ বাবে এদিন কৰিছিল ঝাড়ুদাৰৰ কাম, জানক IPL ষ্টাৰ ৰিংকু সিঙৰ সফলতাৰ কাহিনী…

নিউজ ডেস্কঃ দেওবাৰৰ ৰোমাঞ্চকৰ সন্ধিয়াৰ আইপিএল খেলত সন্মুখ সমৰত অৱতীৰ্ণ হৈছিল গুজৰাট টাইটানছ আৰু কলকতা নাইট ৰাইডাৰ্ছ।

প্ৰথমে বেটিং কৰি গুজৰাটে কলকতাৰ সন্মুখত বান্ধি দিছিল ২০৫ ৰানৰ বিশাল লক্ষ্য।

এই লক্ষ্যৰ পিছা কৰি শেষ ৫টা বলত কলকতাক জয়ৰ বাবে প্ৰয়োজন হৈছিল ২৮ ৰানৰ।

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ দৰ্শকৰ শাৰীত বৃদ্ধি পাইছিল আশংকা। ড্ৰেছিং ৰূমত কঁপিছিল কলকতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰসকল।

ষ্টাম্পৰ সন্মুখত তেতিয়া ৰিংকু সিং। কলকতাৰ জয়ৰ আশা তেতিয়া সকলোৱে এৰি দিছিল। ৫ বলত ২৮ ৰান… অসম্ভৱ!

image 65

কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি তুলিলে ৰিংকু সিঙে। ৫টা বলত ৫টা ছিক্স কোবাই কলকতা নাইট ৰাইডাৰ্ছক এক অনন্য জয়ৰ সোৱাৰ দিলে এইগৰাকী ক্ৰেকিটাৰে।

কলকতাৰ বাবে প্ৰকৃত নায়ক হৈ পৰা ৰিংকুক এতিয়া অভিনন্দনেৰে উপচাই পেলাইছে সকলোৱে। বহু প্ৰবীণ ক্ৰিকেটাৰে ৰিংকুক লৈ প্ৰকাশ কৰিছে সম্ভাৱনাৰ।

image 70

আজি আইপিএলৰ নায়ক হৈ পৰা ৰিংকুৰ বাব অৱশ্যেই ক্ৰিকেট যাত্ৰা নাছিল সহজ।

২৬ বছৰীয়া ৰিংকুৱে ক্ৰিকেটাৰ হিচাপে পৰিচয় লাভৰ পূৰ্বে পাৰ কৰিবলগীয়া হৈছিল অনাহাৰে। ছুইপাৰৰ পৰা চাপ্ৰাছীলৈ… অনেক কাম কৰিবলগীয়া হৈছিল মাত্ৰ কেইটামান টকাৰ বাবে।

image 66

১৯৯৭ চনত উত্তৰ প্ৰদেশৰ আলিগড়ত জন্মগ্ৰহণ কৰিছিল ৰিংকু সিঙে। পিতৃ খানচান্দ সিঙে ঘৰে ঘৰে এলপিজি চিলিণ্ডাৰ ডেলিভাৰ কৰি ৫ জনীয়া পৰিয়ালটোৰ পোহপাল দিছিল।

গেছ এজেন্সীৰ দুটা কোঠাৰ ষ্ট’ৰেজ কম্পাউণ্ডত বাস কৰিছিল তেওঁলোকৰ পৰিয়ালটোৱে।

image 64

অভাৱ-অনাটনৰ মাজেৰে পাৰ হৈছিল তেওঁলোকৰ জীৱন।

আনকি দুবেলা দুমুঠি পেট ভৰাই খাব পোৱাটোও আছিল তেওঁলোকৰ বাবে এক সপোনৰ সমান। দুটকা উপাৰ্জনৰ বাবে ঝাড়ু দিয়া আৰু চাফাই কাম কৰিছিল ৰিংকুৱে।

মাত্ৰ নৱম শ্ৰেণীলৈকেহে পঢ়িছিল ৰিংকুৱে। কিন্তু সপোন দেখিছিল এদিন সফল হোৱাৰ।

image 67

তাৰ বাবে ৰিংকুৰ ওচৰত একমাত্ৰ উপায় আছিল ক্ৰিকেট খেল। সৰুৰে পৰাই খেলি ভালপোৱা ক্ৰিকেটতে ভৱিষ্যত গঢ়াৰ পৰিকল্পনা কৰিছিল ৰিংকুৱে।

এই বিষয়ে মাক-দেউতাকক তেওঁ কোৱাত ক্ৰিকেটপ্ৰেমী দেউতাকেও সম্পূৰ্ণ সমৰ্থন জনাইছিল ৰিংকুক।

তাৰ পিছতে ৰিংকুৱে ঝাড়ু দিয়া কাম বাদ দি সম্পূৰ্ণৰূপে ক্ৰিকেটত মনোনিৱেশ কৰিছিল।

২০১৪ চনত ১৬ বছৰ বয়সত ৰিংকুৱে উত্তৰ প্ৰদেশ দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছতে ২০১৬ চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সুযোগ লাভ কৰে ৰিংকুৱে।

image 68

লাহে লাহে উত্তৰণ ঘটিছিল ৰিংকুৰ জীৱনৰ। কিন্তু সেই সময়তে ক্ৰিকেট ব’ৰ্ডৰ অনুমতি অবিহনে বহিঃৰাষ্ট্ৰৰ ক্ৰিকেট লীগ খেলাৰ অপৰাধত ৩ মাহ ৰিংকু ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল।

২০১৮ৰ আইপিএলত কলকতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰিছিল নতুন প্ৰতিভা ৰিংকুক।

image 69

সেই বছৰ ৰিংকুৱে ২০ লাখ টকা লাভৰ আশা কৰিছিল যদিও তাৰ পৰিৱৰ্তে তেওঁ লাভ কৰিছিল ৮০ লাখ টকা।

আইপিএল খেলি লাভ কৰা প্ৰথম কিছু টকা ৰিংকুৱে ভাতৃৰ বিয়াত খৰছ কৰিছিল, কিছু টকা ভগ্নীৰ বিয়াৰ বাবে সাঁচিছিল আৰু বাকীখিনিৰে এটা ঘৰ ক্ৰয় কৰি জীৱনটো নতুনকৈ আৰম্ভ কৰিছিল।

ৰিংকুৰ ক্ৰিকেট কেৰিয়াৰত আইপিএলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু ৰিংকু যে এগৰাকী সফল ক্ৰিকেটাৰ, তেওঁৰ প্ৰদৰ্শনে বাৰে বাবে প্ৰমাণ কৰি আহিছে।