অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! আদালতৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল পিতৃক, তেতিয়াই আৰক্ষী বিষয়া হোৱাৰ লক্ষ্য স্থিৰ কৰা কন্যাই আজি লাভ কৰিলে সফলতা…

নিউজ ডেস্কঃ অৰ্ধশতাধিক আৰক্ষীৰ নিৰাপত্তাবেষ্টেনীৰ মাজতে বন্দুকৰ গুলীয়ে থকাসৰকা কৰিছিল পিতৃৰ শৰীৰ।

আদালতৰ ঠিক সন্মুখত সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ডই স্তম্ভিত কৰি তুলিছিল একমাত্ৰ কন্যাক।

বহু দিনলৈ পিতৃক হেৰুওৱাৰ বিষাদত নিজৰ কোঠাৰ ভিতৰতে নিজক আৱদ্ধ কৰি ৰাখিছিল ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে।

তাৰ পিছত তেওঁ লৈছিল এক সিদ্ধান্ত। পিতৃক ঘূৰাই আনিবলৈ নোৱাৰিলেও আৰক্ষী বিষয়া হৈ সমাজ সংস্কাৰ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিল কিশোৰীগৰাকীয়ে।

image 71

এয়া ৮ বছৰ আগৰ কথা।

নিজৰ লক্ষ্যক সন্মুখত ৰাখি আগবাঢ়ি আজি উপ-আৰক্ষী অধীক্ষক হিচাপে ৰাইজৰ সেৱা কৰাৰ সুযোগ লাভ কৰিছে ছোৱালীজনীয়ে।

নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে নিজৰ এটা সুকীয়া পৰিচয় গঢ়াৰ লগতে গেলিবলৈ ধৰা সমাজখন সংশোধন কৰাৰ বাবে তেওঁ এতিয়া বদ্ধপৰিকৰ।

image 73

নাম তেওঁৰ আয়ুশী সিং। উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ আছিয়ানা কলনীত ঘৰ তেওঁৰ।

২০১৪ চনক এক হত্যাৰ গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হ’বলগীয়া হৈছিল আয়ুশীৰ পিতৃ যোগেন্দ্ৰ সিং।

২০১৫ চনত তেওঁক মোৰাবাদৰ আদালতলৈ নিয়াৰ সময়তে আদালতৰ ঠিক সন্মুখত আৰক্ষীৰ নিৰাপত্তাৰ বেহু ভাঙি গুলীয়াই হত্যা কৰা হৈছিল যোগেন্দ্ৰ সিঙক।

image 72

সেই সময়ত আয়ুশী আছিল একাদশ শ্ৰেণীৰ ছাত্ৰী।

পিতৃৰ এনে মৃত্যুৱে মানসিকভাৱে ভাগি পেলাইছিল আয়ুশীক। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল আৰক্ষী বিষয়া হোৱাৰ।

কন্যাক প্ৰশাসনিক বিষয়া কৰাৰ সপোন আছিল পিতৃৰো। সেই সপোনকে সাৰ্থক কৰাৰ বাবে উঠিপৰি লাগে আয়ুশী।

image 74

নিজক লক্ষ্যপ্ৰাপ্তিৰ দৈনিক ৬-৭ ঘণ্টাকৈ অধ্যয়ন কৰি উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় আয়ুশীয়ে।

প্ৰথমবাৰত তেওঁ ব্যৰ্থ হ’লেও নিজৰ লক্ষ্যৰ পৰা বিচলিত নহৈ ন উদ্যমেৰে পুনৰ আৰম্ভ কৰে প্ৰস্তুতি।

যাৰ বাবে ২০২২ বৰ্ষৰ লোকসেৱা আয়োগৰ পৰীক্ষাত ৬২ সংখ্যক স্থান দখল কৰি উপ-আৰক্ষী অধীক্ষক হিচাপে নিজৰ সপোন পূৰ কৰাত সফল হয় আয়ুশী সিং।

image 75

আয়ুশীয়ে এই সফলতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে কনিষ্ঠ ভাতৃ আৰু পৰিয়ালৰ বাকী সদস্যসকলক। সমান্তৰালভাৱে আয়ুশীয়ে দিল্লীৰ কোচিং চেণ্টাৰকো ধন্যবাদ জনায় য’ৰ পৰা তেওঁ শিক্ষা গ্ৰহণ কৰিছিল।

এই সফলতা অৰ্জন কৰাৰ পিছত আজিও প্ৰয়াত পিতৃক মনত পেলায় আয়ুশী সিঙে।