অসমীয়াঅসম

মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত কি আৰু ক’ত পঢ়িব বিচাৰে অখিল পুত্ৰ নচিকেতাই? কি ক’লে পিতৃয়ে…

নিউজ ডেস্কঃ আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যতিৰে উত্তীৰ্ণ হ’ল অখিল গগৈৰ পুত্ৰ নচিকেতাও। এটা বিষয়ত লেটাৰ মাৰ্কসহ ৬৩ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় নচিকেতা।

পুত্ৰৰ এই সাফল্যত আনন্দ ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয় যে নচিকেতাই কেৰিয়াৰ বাচনি কৰি অধ্যয়ন নকৰে। বিশ্ব পৰ্যায়ৰ চিন্তা ধাৰাৰে নচিকেতাই বৰ্তমান জ্ঞান আহৰণ কৰিবহে বিচাৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে।

photo1654601420

আনহাতে নচিকেতাই পৰৱৰ্তী শিক্ষা কেনেদৰে আৰু ক’ত গ্ৰহণ কৰিব সেই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি অখিল গগৈয়ে কয়, ‘সি মেট্ৰিক উত্তীৰ্ণ হোৱাটোৱেই মোৰ বাবে চৰম প্ৰাপ্তি।’

বিধায়কগৰাকীয়ে কয়, ‘নচিকেতাই মানুহ হ’বৰ বাবেহে পঢ়িব বিচাৰে। তাৰ ধ্যান-ধাৰণা বিলাকেই তেনেকুৱা…। ডাক্তৰ হ’ব, ইঞ্জিনিয়াৰ হ’ব আদি প্ৰশ্ন নাহে।’

photo1654601437

নচিকেতাই অসমৰ বাহিৰত হোষ্টেলত থাকি অধ্যয়ন কৰিব বিচাৰে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে নচিকতে যথেষ্ট টেনশ্যনৰ মাজত আছে। তাক অলপ মুকলি বতাহ লাগে। সেইবাবেই সি অসমৰ বাহিৰলৈ গৈ পঢ়িব বিচাৰে।

নচিকেতাই সামৰ্থৰ ভিতৰত য’তেই বিচাৰে তাতেই তাক পঢ়ুৱাব বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

উল্লেখ্য যে, অখিল গগৈৰ সংগ্ৰামী জীৱন কালত একমাত্ৰ পুত্ৰ নচিকেতাই লাভ কৰা মানসিক চাপৰ বিষয়ে সকলো পৰিচিত। বছৰ বছৰ ধৰি পিতৃৰ মুখখন এবাৰ দেখাৰ পৰাও বঞ্চিত হৈ থকা নচিকেতাই মানসিক অশান্তিত ভূগি এবাৰ সমস্ত কিতাপ জ্বলাইও দিছিল।

পিতৃৰ সংগ্ৰামী জীৱন আৰু নামি অহা দুৰ্যোগৰ মাজতো নচিকেতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখুওৱা সফলতাই উৎফুল্লিত কৰিছে পিতৃ-মাতৃৰ লগতে সকলোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *