অসমীয়াঅসম

১০০ জন মানুহৰ যদি ৮০ জনেই বিজেপি কৰে, তেন্তে বিসম্বাদ হবইঃ কিয় ক’লে শিলাদিত্য দেৱে?

নিউজ ডেস্কঃ ‘এশ জন মানুহৰ আশী জনেই যদি বিজেপি কৰে, তেন্তে বিসম্বাদ হ’বই।’ – নৱ নিৰ্বাচিত বিজেপি ৱাৰ্ড কাউন্সিলাৰ শশাংকজ্যোতি ডেকাৰ দলত্যাগৰ চৰ্চাৰ মাজতে এই মন্তব্য বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত বিজেপি বিধায়কগৰাকীয়ে কয় যে মানুহ বেছি হ’লে বিসম্বাদ হোৱাটো স্বাভাৱিক। ১০০ জন মানুহৰ যদি ৮০ জনে বিজেপি কৰে, তেন্তে বিসম্বাদ হ’বই। সেয়ে লিমিট থাকিব লাগে।

বৰ্তমান বিজেপিত নেতা-কৰ্মীৰ সংখ্যা বৃদ্ধি পোৱা বুলি মন্তব্য কৰি শিলাদিত্যদেৱে কয় যে শশাংক জ্যোতি ডেকা দলৰ এজন সক্ৰিয় কৰ্মী।

বিগত ২০-২৫ বছৰে তেওঁৰ শশাংকৰ সৈতে ভাল সম্পৰ্ক আছে বুলি মন্তব্য কৰি কাউন্সিলাৰ গৰাকীৰ বিজেপি ত্যাগ নকৰিবলৈ আহ্বান জনায় শিলাদিত্য দেৱে।

অসমত এতিয়া বিজেপিৰ বাহিৰে আন কোনো ৰাজনৈতিক বিকল্প নাই বুলি মন্তব্য কৰে শিলাদিত্য দেৱে। গতিকে শশাংকজ্যোতি ডেকাই যদি বিজেপি ত্যাগো কৰে, তেন্তে কোনটো দলত যাব বুলিও প্ৰশ্নবোধকৰ সৃষ্টি কৰে বিজেপি বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে জয়ী হৈছে বিজেপিৰ শশাংকজ্যোতি ডেকা। তেওঁ এবাৰ পৌৰ নিগমৰ মেয়ৰ পদৰ দাবীদাৰ আছিল যদিও শেষ মুহূৰ্তত দলীয় নেতৃত্বই মৃগেন শৰণীয়াকে পুনৰ এবাৰ এই পদ প্ৰদান কৰাত ক্ষুণ্ণ হৈ বিজেপি ত্যাগ কৰাৰ ঘোষণা কৰে শশাংকই।

অৱশ্যে পদত্যাগী বিজেপি নেতাজনে কোন দলত যোগ দিব, সেয়া এতিয়াও স্পষ্ট কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *