দলঙৰ ওপৰত গাড়ী ৰখাই চেলফি উঠাৰ সময়তে ঘটিল দুৰ্ঘটনা…

নিউজ ডেস্ক। ব্যস্ত পথত বাহন ৰখাই ফটাে উঠাৰ অভ্যাস বহু লােকৰে আছে। কিন্তু কেতিয়াবা এনে কাৰ্যৰ বাবে বিপদত পৰে বহু লােক।

তেনে এক ঘটনা সংঘটিত হ’ল বঙাইগাঁও জিলাৰ যােগীঘােপাৰ নৰনাৰায়ণ সেতুৰ ওপৰত।

জানিব পৰা মতে, দলঙৰ মাজতে নিজৰ বাহন ৰখাই চেলফি তুলি থাকোঁতে AS-27-C-8411 নম্বৰৰ এখন তীব্ৰবেগী চিলিণ্ডাৰ ভৰ্ত্তি ট্ৰাকে এখন চুইফ্ট বাহন (AS-01-DK-8435) মহটিয়াই নিয়াৰ ফলত শিশু আৰু মহিলাসহ ৫ জন লোক গুৰুতৰভাৱে আহত হয়।

G3 3
দলঙৰ ওপৰত গাড়ী ৰখাই চেলফি উঠাৰ সময়তে ঘটিল দুৰ্ঘটনা... 4

আটাইকেইগৰাকী আঘাতপ্ৰাপ্ত লোকৰ ঘৰ গোৱালপাৰা জিলাৰ ডুবাপাৰা অঞ্চলৰ বুলি জানিব পৰা হৈছে।

p1 4
দলঙৰ ওপৰত গাড়ী ৰখাই চেলফি উঠাৰ সময়তে ঘটিল দুৰ্ঘটনা... 5

এগৰাকী শিশু আৰু এগৰাকী মহিলা সহ গুৰুতৰভাৱে আহত লোকসকলক সংকটজনক অৱস্থাত গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে যােগীঘােপা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত দুয়ােখন বাহন জব্দ কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! জীয়েকৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ আত্মীয়ৰ ঘৰত মৃত্যু মাতৃৰ

G1 5
দলঙৰ ওপৰত গাড়ী ৰখাই চেলফি উঠাৰ সময়তে ঘটিল দুৰ্ঘটনা... 6

Leave a Comment