অসমীয়াঅসমছিক্কিম

ছিকিমত সন্ধানহীন সেনা জােৱান মিতুল কলিতাৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। এক দুখবৰ।

ছিকিমৰ প্ৰলয়ংকৰী বানত মৃত্যু অসমৰ সেনা জােৱান মিতুল কলিতাৰ (২৮)।

পৰিয়ালৰ লােকে নিউ জলপাইগুৰিৰ এটা মৰ্গত চিনাক্ত কৰে মিতুল কলিতাৰ মৃতদেহ।

উল্লেখ্য যে যােৱা ৪ অক্টােবৰত ছিকিমৰ প্ৰাকৃতিক দুৰ্যােগৰ সময়ত সন্ধানহীন হৈছে মিতুল কলিতা নামৰ অসমৰ বাক্সা জিলাৰ শালবাৰী-আনন্দ বজাৰৰ সেনৱা জােৱানজন।

জানিব পৰা মতে, দেওবাৰে স্বগৃহলৈ অনা হ’ল মিতুল কলিতাৰ মৃতদেহ। তাৰ পিছতে সামৰিক মৰ্য্যদাৰে সম্পন্ন কৰা হ’ল শেষকৃত্য।

পৰিয়ালৰ লােকে জনােৱা মতে, মিতুল কলিতা আলিপুৰদুৱাৰত কৰ্মৰত আছিল যদিও বিভাগীয় কামত ছিকিমলৈ গৈছিল য’ত যােৱা ৪ অক্টােবৰত প্ৰাকৃতিক দুৰ্যােগৰ ফলত সন্ধানহীন হৈ পৰে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ জােৱানলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *