অসমীয়াৰাষ্ট্ৰীয়

কাৰাগাৰৰ ভিতৰত কেৰাণী হ’ল নৱজ্যোৎ সিং সিদ্ধু, দৈনিক মজুৰী পাব ৪০ টকা

নিউজ ডেস্কঃ প্ৰায় ৩৪ বছৰ পুৰণি হত্যাৰ গোচৰত এবছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰা প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজ্যোত সিং সিদ্ধুৰ এতিয়া পাটিয়ালা কাৰাগৰত আৰম্ভ হৈছে বন্দী জীৱন।

ক্ৰিকেটাৰৰ পৰা ৰাজনীতিলৈ সময়ে সময়ে বিভিন্ন পেছাৰ সৈতে জড়িত হৈ পৰা সিদ্ধুৰ এতিয়া নতুন পৰিচয় হৈছে কাৰাগাৰৰ কেৰাণী। আদালতৰ দীঘলীয়া ৰায় কিদৰে সংক্ষিপ্ত কৰি লিখিব লাগে আৰু কাৰাগাৰৰ বিভিন্ন নথি-পত্ৰ সংৰক্ষণ কৰি ৰখাটোৱেই এতিয়া কাম হৈ পৰিছে সিদ্ধুৰ।

image 123

কাৰাগাৰৰ এক সূত্ৰ অনুসৰি, সিদ্ধুক এই কাম সন্দৰ্ভত প্ৰথম তিনিমাহ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত তেওঁ কামৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি দৈনিক ৪০ টকাৰ পৰা ৯০ টকা পৰ্যন্ত মজুৰী প্ৰদান কৰা হ’ব। কাৰাগাৰৰ ভিতৰত সিদ্ধুৱে উপাৰ্জন কৰা ধন তেওঁৰ বেংক একাউণ্টযোগে প্ৰদান কৰা হ’ব।

খবৰ অনুসৰি, নৱজ্যোৎ সিং সিদ্ধু সমাজৰ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ বাবেই বৰ্তমান তেওঁক তেওঁৰীৰ কুঠৰীৰ পৰাই কাম কৰিবলৈ অনুমতি দিয়া হৈছে। ইতিমধ্যে মঙলবাৰৰ পৰাই সিদ্ধুৰ কামৰ প্ৰশিক্ষণ আৰম্ভ হৈছে।

image 124

জানিব পৰা মতে, সিদ্ধুৱে কাৰাগাৰৰ ভিতৰত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ কাম কৰিব লাগিব।

ইফালে সিদ্ধুৰ কুঠৰীৰ চৌদিশে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৫ জন বাৰ্ডেন আৰু ৪ জন কয়দীকো সিদ্ধুৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ দায়িত্ব দিয়া হৈছে বুলি কাৰাগাৰৰ এক সূত্ৰই সদৰী কৰিছে।

image 125

উল্লেখ্য যে, ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাটিয়ালাৰ ৰাজপথত গাড়ী পাৰ্কিঙক লৈ গুৰনাম সিং নামৰ এগৰাকী ব্যক্তিৰ সৈতে কাজিয়াত লিপ্ত হৈছিল নৱজ্যোৎ সিং সিদ্ধু আৰু তেওঁৰ এজন বন্ধু। অভিযোগ অনুসৰি সেই সময়ত সিদ্ধুৱে গুৰনাম সিঙক গাড়ীৰ পৰা টানি উলিয়াই আনি প্ৰহাৰ কৰিছিল।

ইফালে এই ঘটনাৰ দুদিন পিছতে গুৰনাম সিঙৰ মৃত্যু ঘটাত সিদ্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হয়। সেই সময়ত এখন আদালতে সিদ্ধুক দোষমুক্ত ৰায় প্ৰদান কৰিলেও সুদীৰ্ঘ ৩৪ বছৰৰ মূৰত একেটা গোচৰত উচ্চতম ন্যায়ালয়ে সিদ্ধুক দোষী সাব্যস্ত কৰি এবছৰৰ কাৰাদণ্ড বিহে।

Leave a Reply

Your email address will not be published. Required fields are marked *