অসম

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এজন যুৱকক আটক অসম আৰক্ষীৰ…

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এজন যুৱকক আটক কৰিছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীয়ে আটক কৰা যুৱকজন চাংচকীৰ পিণ্টু গোঁহাই বুলি জানিব পৰা গৈছে।

কামপুৰ আৰক্ষীয়ে যুৱকজনক আটক কৰিছে।

যুৱকজনে মালিগাঁৱৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ পৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।

উল্লেখ্য যে, ৰাজ্যত ২৪ এপ্ৰিলত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *