অসম

গ্ৰেপ্তাৰ হোৱা চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক মুকলি কৰি দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

গ্ৰেপ্তাৰ হোৱা চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক মুকলি কৰি দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

১৯ এপ্ৰিলত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰিবলৈ দাবী জনাই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল একাংশ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে।

যাৰ ফলত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগা হৈছিল ৩৬ গৰাকীকৈ চাকৰি প্ৰত্যাশী প্ৰাৰ্থী।

সম্প্ৰতি এই সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মানৱীয়তা তথা সহানুভূতিৰ দৃষ্টিভংগৰীৰে বিবেচনা কৰি তেওঁলোকৰ মুকলিৰ বাবে যথাযথ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ৰ সন্মুখত পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰাৰ দাবীৰে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পৰিপ্ৰেক্ষিতত ৩৬ গৰাকী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩৬ গৰাকী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীক পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *