অসমঅসমীয়া

সামাজিক মাধ্যমত SI পৰীক্ষাৰ প্ৰশ্নকাকত সন্দৰ্ভত কি ক’লে SEBA কৰ্তৃপক্ষই?

নিউজ ডেস্ক। দেওবাৰে অনুষ্ঠিত হৈ যােৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে এই পৰীক্ষা আয়ােজন কৰা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা কৰ্তৃপক্ষই এই বিষয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ।

G1 30

সংবাদ মাধ্যমলৈ এই বিষয়ে ছেবাই প্ৰেৰণ কৰা প্ৰেছ বিবৃতি চাওক…

প্ৰেছ বিজ্ঞপ্তি

ৰাজ্যিক পৰ্যায়ৰ পুলিচ নিযুক্তি ব’ৰ্ডৰ অধীনত আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ তত্ত্বাৱধানত যোৱা কালি অসম পুলিচৰ ‘চাব্ ইন্সপেক্টৰ’/উপনিয়ন্ত্রক, হোম গাৰ্ডচ পদবীৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকতৰ কিছু অংশ একাংশ সামাজিক মাধ্যমত আজি প্রকাশ/চৰ্চিত হোৱা বিষয়টো পৰিষদৰ দৃষ্টিগোচৰ হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হয় যে যোৱা কালি অর্থাৎ ইং 24-4-2022 তাৰিখে দুপৰীয়া ১২ বজাতে উক্ত পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে। পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্নকাকত সামাজিক মাধ্যমত প্ৰকাশ হোৱা বিষয়টোৰ কোনো বিশেষ গুৰুত্ব নাথাকে।

পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্নকাকত সমূহ ফলাফল ঘোষণা নোহোৱা পর্যন্ত পৰীক্ষা কেন্দ্ৰসমূহতে মজুত ৰখা হয়; কিয়নো কেতিয়াবা প্ৰাৰ্থী গৰাকীয়ে প্রশ্নকাকতত থকা চিৰিজ নং OMR চিটত লিখিব পাহৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন হোৱা যায়।

তেতিয়া নিৰ্দিষ্ট পৰীক্ষাৰ্থী গৰাকীয়ে লিখা ৰোল নম্বৰৰ পৰা পৰীক্ষাৰ্থী গৰাকীয়ে কি চিৰিৰ্জৰ প্ৰশ্নকাকতৰ চেট ব্যৱহাৰ কৰিছিল সেয়া নিৰ্ণয় কৰিব পাৰি। এইকাৰণে প্ৰশ্নকাকত সমূহ প্রার্থীসকলক নিবলৈ নিদি পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱা পর্যন্ত পৰীক্ষা কেন্দ্ৰসমূহতে ৰখাৰ ব্যৱস্থা কৰা হয়।

গতিকে, পৰীক্ষাৰ্থী সকলক বিভ্রান্ত কৰাৰ স্বাৰ্থত ন্যস্তস্বার্থ মহলে উদ্দেশ্যে প্রণোদিতভাবে একাংশ প্রশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে।

সেয়েহে প্রার্থীসকলক আমি আশ্বাস প্ৰদান কৰো যে প্ৰকাশ/প্ৰচাৰ হোৱা এনে বা-বাতৰিৰ দ্বাৰা বিভ্রান্ত হ’ব নালাগে, যিহেতু সুকলমে পৰীক্ষা অনুষ্ঠিত হৈছে, উপযুক্ত সময়ত ফলাফলো ঘোষণা কৰা হ’ব।

সচিব

অসম মাধ্যমিক শিক্ষা পৰিষদ বামুণীমৈদাম, গুৱাহাটী-২১

WhatsApp Image 2022 04 25 at 5.54.15 PM

Leave a Reply

Your email address will not be published. Required fields are marked *