SI কেলেংকাৰীৰ মুখ্য অভিযুক্ত পিকে দত্তক জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ…

জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিল SI কেলেংকাৰীৰ মুখ্য অভিযুক্ত পিকে দত্ত।

গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙ্গলবাৰে জামিন প্ৰদান কৰে অভিযুক্তজনক।

উল্লেখ্য যে, ২০২০ চনৰ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল SI কেলেংকাৰীৰ খলনায়ক পিকে দত্তক।

পলাতক অৱস্থাত ভাৰত-নেপাল সীমান্তৰ কাকৰভিঠাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্তজনক।

তেতিয়াৰে পৰা কাৰাবন্দী হৈ আছিল পিকে দত্ত।

কিন্তু অৱশেষত দুজন জামিনদাৰ সহ ১ লাখ টকাৰ ব’ণ্ডত জামিন প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।