মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মায়েই নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়েও ৰাতি যাপন কৰিছিল কাজিৰঙাত। -কাজিৰঙাত মুখ্যমন্ত্ৰীৰ জীপ চাফাৰী বিতৰ্কৰ মাজত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
সাংবাদিকৰ সন্মুখত কাজিৰঙাত কৰ্তৃপক্ষই অনুমতি দিলে জীপ চাফাৰী কৰিব পাৰি বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, যেতিয়া তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল, সেই সময়ছোৱাত তেওঁ কেইবাবাৰো কাজিৰঙাত ৰাতি পাৰ কৰিছিল।
তৰুণ গগৈয়ে কাজিৰঙাৰ আৰিমৰা আইবি শিবিৰত জেনেৰেটৰ চলাই কেইবাবাৰো ৰাতি পাৰ কৰিছিল বুলি দাবী কৰে মন্ত্ৰীজনে।
আনহাতে সেই সময়ৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী দিগ্বিজয় সিঙেও কাজিৰঙাত নিশা কটাইছিল বুলি মন্তব্য কৰে পীযূষ হাজৰিকাই।
কিন্তু সেই সময়ত ইয়াক লৈ বিতৰ্ক কৰা নাছিল বুলি মন্তব্য কৰি পীযূষ হাজৰিকাই কয় যে, যদি উদ্যান কৰ্তৃপক্ষই অনুমতি দিয়ে, তেন্তে কাজিৰঙাত জীপ চাফাৰী কৰিব পাৰি।
উল্লেখ্য যে, সদগুৰুৰ সৈতে মুখ্যমন্ত্ৰীয়ে নিশা কাজিৰঙাত জীপ চাফাৰী কৰাক লৈ বিতৰ্ক অব্যাহত আছে।
মুখ্যমন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে বন্যপ্ৰাণী আইন উলংঘা কৰাৰ অভিযোগত ইতিমধ্যে এজাহাৰো দাখিল কৰা হৈছে।









