শক্তিপীঠ কামাখ্যা মন্দিৰত ধিং এক্সপ্ৰেছ হিমা দাস, ল’লে দেৱী মাৰ আশীস…

শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় ধিং এক্সপ্ৰেছ হিমা দাস।

ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ ল’লে হিমা।

কামাখ্যা দেৱালয়ত উপস্থিত হৈ মা কামাখ্যাৰ শ্ৰীচৰণত পূজা-অৰ্চনা আগবঢ়াই।

দৌৰবিদগৰাকীৰ কামাখ্যা দৰ্শনৰ সময়ছোৱাত তেওঁৰ সংগ দিয়ে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

উল্লেখ্য যে, অহা ২৯ ছেপ্তেম্বৰত গুজৰাটত অনুষ্ঠিত হ’ব ৩৬ তম ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২।

দেশৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনত অসমৰ হৈ অংশ ল’ব হিমাই।

তাৰেই প্ৰাকমুহূৰ্তত আজি মা কামাখ্যাৰ আশীৰ্বাদ ল’লে দৌৰবিদগৰাকীয়ে।