অসমীয়াৰাষ্ট্ৰীয়

প্ৰতি ৪ বছৰত বাঢ়ে শিৱলিংগৰ আকাৰঃ মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত জানক হিমাচলৰ লমলেশ্বৰ মন্দিৰৰ ঐশ্বৰিক বিশেষত্ব

নিউজ ডেস্কঃ আজি মহাশিৱৰাত্ৰি। আজি ভগৱান শিৱৰ চৰণত সেৱা লৈ মন্দিৰে মন্দিৰে আশীষ বিচাৰিছে ভক্তই। ভগৱান শিৱৰ এই বিশেষ আৰাধনাৰ দিনটোতে চৰ্চাৰ বিষয় হৈ পৰিছে হিমাচল প্ৰদেশৰ এটা বিশেষ শিৱমন্দিৰ।

হিমাচল প্ৰদেশৰ হামিৰুপ জিলাৰ ব্যাস নদীৰ পাৰত অৱস্থিত লমলেশ্বৰ শিৱ মন্দিৰৰ এটা বিশেষত্ব হৈছে- প্ৰতি চাৰি বছৰত এই মন্দিৰটোত থকা শিৱলিংগৰ আকাৰ ডাঙৰ হয়।

প্ৰায় ৫০০ বছৰ পুৰণি এই মন্দিৰটোৰ স্বয়ংভূ শিৱলিংগটো প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এটা তিল বা যৱ ধানৰ সমানকৈ বৃদ্ধি পায়। বৰ্তমান ৫ ফুট উচ্চতাৰ এই শিৱলিংগটো কটোচ বংশৰ ৰজাসকলে স্থাপন কৰিছিল।

shiv temple 1
প্ৰতি ৪ বছৰত বাঢ়ে শিৱলিংগৰ আকাৰঃ মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত জানক হিমাচলৰ লমলেশ্বৰ মন্দিৰৰ ঐশ্বৰিক বিশেষত্ব 3

প্ৰবাদ আছে যে কটোচ বংশৰ এজন ৰজাই সপোনত ব্যাস নদীৰ পাৰত এটা শিৱলিংগ থকাৰ সংকেত পাইছিল। তাৰ পাছতে ৰজাই সৈন্য পঠিয়াই নদীৰ পৰা সেইটো উদ্ধাৰ কৰি আনি নাদৌনত স্থাপন কৰে।

মহাশিৱৰাত্ৰিৰ মন্দিৰৰ পূজাৰী ৰাকেশ শৰ্মাই জনোৱা মতে, কেৱল দেশৰেই নহয়, বিদেশৰ পৰাও ভক্তসকল আজিৰ এই বিশেষ দিনটোত আশীৰ্বাদ ল’বলৈ ভিৰ কৰিছে। ভক্তসকলৰ বিশ্বাস যে এই মন্দিৰত ৪৩ দিন ধৰি শুদ্ধ মনেৰে পূজা অৰ্চনা কৰিলে প্ৰতিটো মনোবাঞ্ছা পূৰণ হয়। মহাশিৱৰাত্ৰি উপলক্ষে মন্দিৰটো বৰ্তমান ন-ৰূপত সজাই তোলা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *