মৰ্মান্তিক! ইটাভৰ্তি ট্ৰেক্টৰ আৰু বলেৰ’ৰ মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু…

নিউজ ডেস্কঃ নৱ নিৰ্মিত ঘাইপথ যাতায়তৰ বাবে মুকলি কৰাৰ মাত্ৰ এদিন পিছতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’লে একেটা পৰিয়ালৰ ৫ সদস্যইষ

মহাৰাষ্ট্ৰৰ মিৰাজৰ সমীপৱৰ্তী ৰত্নাগিৰি নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।

নিহত পৰিয়ালটো কলহাপুৰ জিলাৰ ৰাধাননগৰীৰ সমীপৰ সৰৱাড়াৰ নিৱাসী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পৰিয়ালটোৰ ৭ জন সদস্যই এখন বলেৰ’ বাহনেৰে সোলাপুৰলৈ গৈ থকা সময়তে মিৰাজৰ সমীপৰ বড্ডি গাঁৱত এখন ইটাভৰ্তি ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত বলেৰ’খনত থকা ৫ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাকী দুজন গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত দুজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে মুকলি কৰা হৈছিল মিৰাজৰ পৰা নৱ নিৰ্মিত এই ঘাইপথছোৱা।