তিনিটা সন্তান জন্ম দিয়ক অসমৰ হিন্দু সমাজে! গুৱাহাটীৰ পৰা এই আহ্বান RSS প্ৰধানৰ

নিউজ ডেস্কঃ ‘ভাৰতবৰ্ষৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা থকা সকলোৱে হিন্দু’ – গুৱাহাটীত এই মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱতে। মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা আৰএছএছৰ প্ৰধানগৰাকীয়ে আবেলি সুদৰ্শনালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰে।

ড০ ভাগৱতে কয় যে সংঘ কাকো বিনাশ কৰিবলৈ সৃষ্টি হোৱা নাই। সংঘই নিজ দেশক মহাশক্তি নহয়, বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত আৰু হিন্দু- এই দুয়োটা ধাৰণাই সমাৰ্থক। তেওঁৰ মতে, ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্ৰয়োজনীয়তা নাই, কিয়নো হেজাৰ হেজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিৰে সমৃদ্ধ ভাৰত সদায় হিন্দু ৰাষ্ট্ৰ হিচাপে জিলিকি আছে।

ড০ ভাগৱতে কয় যে হিন্দু কোনো ধৰ্ম নহয়, ই এক সভ্যতা আৰু সংস্কৃতিৰ ধাৰক-বাহক। ভাৰতীয়ত্বক লৈ গৌৰৱ বোধ কৰা ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিজন লোকেই হিন্দু। তেওঁ সংঘৰ পঞ্চ পৰিৱৰ্তনৰ মূল বিষয়সমূহ- সামাজিক সমৰসতা, কুটুম্ব প্ৰবোধন, নাগৰিক কৰ্তব্য, স্বদেশী আৰু আত্মনিৰ্ভৰশীলতা, পৰিৱেশ সংৰক্ষণৰ ওপৰত আলোকপাত কৰে।

ইফালে অবৈধ অনুপ্ৰৱেশৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি ভাগৱতে সমাজ তথা চৰকাৰৰ গুৰুত্ব আশা কৰে। লগতে, অসমত জনগাঁথনিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত হিন্দু সমাজে তিনিটা সন্তানৰ নীতিৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলিও মত প্ৰকাশ কৰে। অনুষ্ঠানটোত পাঁচ শতাধিক প্ৰবুদ্ধ নাগৰিক উপস্থিত থাকে। উল্লেখ্য যে, গুৱাহাটী ভ্ৰমণ সামৰি ড০ মোহন ভাগৱত ২০ নৱেম্বৰত মণিপুৰলৈ ৰাওনা হ’ব।

Leave a Comment