অসমীয়াৰাষ্ট্ৰীয়

বিচাৰিছিল নিৰামিষ খাদ্য, কিন্তু ভুলতে দিলে মাংস বিৰিয়ানী! খঙতে গ্ৰাহকে কৰিলে এই ভয়ংকৰ কাণ্ড

নিউজ ডেস্কঃ গ্ৰাহকে বিচাৰিছিল নিৰামিষ খাদ্য। কিন্তু ভুলবশতঃ হোটেলৰ কৰ্মচাৰীয়ে সন্মুখত আনি দিলে মাংস বিৰিয়ানী। ইয়াৰ বাবে ক্ষুব্ধ হৈ গুলীয়াই হত্যা কৰা হ’ল হোটেলৰ মালিকক। ঝাৰখণ্ডৰ ৰাঁচীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাত কাংকে-পিথোৰিয়া পথত অৱস্থিত ৰেষ্টুৰেণ্টখনত সংঘটিত হয় এই ঘটনা। আমিষ বিৰিয়ানীৰ পাৰ্চেল এটা লৈ আন দুজন যুৱকৰ সৈতে ৰেষ্টুৰেণ্টখনত উপস্থিত হৈছিল এজন গ্ৰাহক। তেওঁলোকে অভিযোগ কৰে যে গ্ৰাহকজনক নিৰামিষ খাদ্যৰ পৰিৱৰ্তে আমিষ বিৰিয়ানী দিয়া হৈছিল।

আৰক্ষীয়ে কয় যে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত ৰেষ্টুৰেণ্টৰ ভিতৰতে খাদ্য খাই আছিল স্বত্বাধিকাৰ বিজয় কুমাৰ নাগে। সেই সময়তে ক্ষুব্ধ গ্ৰাহকজনে তেওঁৰ বুকুলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ঘটনাৰ পিছত তেওঁক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও আধা বাটতে মৃত্যু ঘটে।

আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ বিভিন্ন স্থানত তালাচী অব্যাহত ৰাখিছে।

ইফালে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ পৰ্যন্ত কৰে ক্ষুব্ধ স্থানীয়ই।

Leave a Reply

Your email address will not be published. Required fields are marked *