কাৰাবন্দী অভিনেতা ৰাজপালৰ কাষত সহস্ৰ ভাৰতীয়! ১ কোটি টকাৰ সাহায্য অনুৰাগীৰ

নিউজ ডেস্কঃ পৰ্দাত সদায় দৰ্শকক হঁহুৱাই অহা জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ জীৱনলৈ নামি অহা চৰম বিপৰ্যয়ৰ সময়ত এতিয়া উচপ খাই উঠিছে সমগ্ৰ বলীউড। চেক বাউন্সৰ গোচৰত দিল্লীৰ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰাৰ পূৰ্বে অভিনেতাগৰাকীয়ে প্ৰকাশ কৰা নিঃসংগতা আৰু আৰ্থিক দৈন্যতাৰ ভাষ্যই জোকাৰি গৈছে চলচ্চিত্ৰ জগতক। “মোৰ কোনো বন্ধু নাই” বুলি অভিনেতাজনে কৰা মৰ্মান্তিক মন্তব্যৰ পাছতেই এতিয়া এজনৰ পাছত আনজন তাৰকা তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

প্ৰথমে অভিনেতা চনু সুদে ৰাজপাল যাদৱৰ সমৰ্থনত হাত আগবঢ়োৱাৰ পাছত এতিয়া সংগীত জগতৰ সৈতে জড়িত ৰাও ইন্দ্ৰজিৎ সিং যাদৱে ১.১১ কোটি টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। কেৱল সেয়াই নহয়, অভিনেতা গুৰমীত চৌধুৰীয়েও ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰি বলীউডৰ সকলো প্ৰযোজক-পৰিচালকক একগোট হ’বলৈ আহ্বান জনাইছে। গুৰমীতে স্পষ্টকৈ কৈছে যে যিজন শিল্পীয়ে আমাক বছৰ বছৰ ধৰি হঁহুৱালে, তেওঁক এনেদৰে ভাঙি পৰা দেখিবলৈ সঁচাকৈয়ে যন্ত্ৰণাদায়ক।

View this post on Instagram

A post shared by Rao Inderjeet Singh (@raoinderyadav)

উল্লেখ্য যে, ২০১০ চনত ৫ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ৰাজপাল যাদৱ এই আইনী মেৰপাকত আৱদ্ধ হৈ পৰিছিল। ২০১৮ চনতো তেওঁ এই গোচৰতে তিনি মাহ কাৰাগাৰত থাকিবলগীয়া হৈছিল। শেহতীয়াভাৱে দিল্লী উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ ৰেহাই নিদিয়াকৈ তেওঁক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়াৰ পাছত বলীউডে এতিয়া প্ৰমাণ কৰিব বিচাৰিছে যে উদ্যোগটো কেৱল কৰ্মস্থল নহয়, বৰঞ্চ এটা পৰিয়ালহে। চনু সুদ আৰু গুৰমীত চৌধুৰীৰ দৰে তাৰকাসকলে এতিয়া ৰাজপালক কাৰাগাৰৰ পৰা উলিয়াই আনি পুনৰ কামৰ মৰ্যাদা দিয়াৰ বাবে এক অভিযান আৰম্ভ কৰিছে।

Leave a Comment