নিউজ ডেস্কঃ বিয়াৰ আনন্দ উদযাপন কৰি ঘৰলৈ উভতি অহাৰ পথতে যোৱা নিশা নিয়তিৰ কৰুণ নিৰ্দেশত স্তব্ধ হৈ পৰিল ছয় বন্ধুৰ জীৱন। মঙলবাৰে নিশা জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কেলাইৰ ওচৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ছয়জনৈকৈ উদীয়মান যুৱকৰ কৰুণ মৃত্যু ঘটে। বিয়া খাই সকলোৱে মিলি একেলগে উঠা শেষৰখন ফটোৱে এতিয়া শোকস্তব্ধ পৰিয়ালবৰ্গৰ বাবে একমাত্ৰ স্মৃতি হৈ ৰৈছে।

নিশা প্ৰায় ১২ বজাত সংঘটিত এই দুৰ্ঘটনাটো ইমানেই মৰ্মান্তিক আছিল যে এখন দ্ৰুতবেগী ছুইফট ডিজায়াৰ কাৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা এটা দ্ৰুতবেগী ট্ৰেইলৰত খুন্দা মাৰে। থিতাতে চাৰিজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত্যু ঘটে। দুৰ্ঘটনাটোৰ প্ৰাবল্য ইমানেই প্ৰবল আছিল যে বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে আৰু আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিহে মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নিহত আটাইকেইজন যুৱক দৌচা জিলাৰ কালাখোহ গাঁৱৰ নিবাসী বুলি চিনাক্ত কৰা হৈছে। মৃত যুৱককেইজন ক্ৰমে লোকেশ যোগী, দিলখুশ যোগী, মনীষ যোগী, অংকিত বৈৰৱা, সময় সিং যোগী আৰু নবীন যোগী। ২০ৰ পৰা ২৫ বছৰ বয়সৰ এই যুৱককেইজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে। মাত্ৰ আধা ঘণ্টাৰ পূৰ্বে বিয়াৰ অনুষ্ঠানত হাঁহি-স্ফূৰ্তি কৰি থকা যুৱককেইজনৰ বিয়োগে গাওঁখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।









