কৰ্ণাটকত চলিল কংগ্ৰেছৰ বিজয় ৰথ! তাৰ পিছতে ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে তুলনা ৰাহুল গান্ধীক, কিন্তু কিয়…

নিউজ ডেস্কঃ কৰ্ণাটকত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ।

বিজেপিৰ প্ৰভাৱ থকা দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য কৰ্ণাটকতো মোডী মেজিকৰ অৱসান ঘটাই বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ।

ৰাজ্যখনত কংগ্ৰেছে ১৩৬ খন আসন লাভ কৰাৰ বিপৰীতে মাত্ৰ ৬৪ খনতে সন্তুষ্ট থাকিবলগীয়া হ’ল বিজেপি।

প্ৰধানমন্ত্ৰীৰ ২৬ কিলোমিটাৰ দীঘলীয়া ৰোড শ্ব’, বজৰংগবলী, হিন্দু-মুছলমান কোনো বিষয়েই এইবাৰ স্তব্ধ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছৰ বিজয় ৰথ।

আনহাতে কৰ্ণাটকত জয়ৰ দুন্দুভি বজাই ইয়াৰ কৃতিত্ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে দিছে সকলোৱে।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ আৰু নিৰ্বাচনী প্ৰচাৰে কংগ্ৰেছক নিৰংকুশ জয় প্ৰদান কৰা বুলি শ্ৰেয় প্ৰদান কৰিছে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই।

আনহাতে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ বিজয়ৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কৰ্ণাটকবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমখন কেবিনেট বৈঠকতে কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত প্ৰদান কৰা ৫ প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ন কৰাৰ আশ্বাস দিয়ে।

আৰু এই সময়তে ক্ৰিকেটৰ ৰজা বিৰাট কোহলীৰ সৈতে তুলনা কৰা হৈছে ৰাহুল গান্ধীৰ এক বিশেষ মুহূৰ্তৰ।

ওঁঠৰ ওপৰত তৰ্জনী আঙুলি ৰাখি ‘চুপ’ থকাৰ ভংগীমাৰ ৰাহুল গান্ধীৰ ফটো এখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই ফটোখন দেখি কৈছে- বিৰাট কোহলীৰ ভংগীমাত বিজয়ৰ ভংগী প্ৰদান কৰিছে ৰাহুল গান্ধীয়েও।

দৰাচলতে চলিত আইপিএল চিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলী আৰু কলকতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰৰ মাজত খেলপথাৰতে সূত্ৰপাত ঘটিছিল বিবাদৰ।

সেই সময়ত গৌতম গম্ভীৰে ‘চুপ’ থকাৰ ভংগীমাত আৰচিবিৰ অধিনায়ক বিৰাট কোহলীত অৱদমিত কৰাৰ চেষ্টা কৰিছিল।

প্ৰত্যুত্তৰত খেলখনত আৰচিবিয়ে জয়লাভ কৰাৰ পিছত একেই ভংগীমাতে বিৰাট কোহলীয়েও মৌন কটাক্ষ কৰিছিল গৌতম গম্ভীৰ আৰু তেওঁৰ দলক।

গম্ভীৰ আৰু কোহলীৰ মাজৰ এই বিবাদখনে যথেষ্ট চৰ্চা লাভ কৰিছিল নেট ব্যৱহাৰকাৰীৰ মাজত।

সমান্তৰলভাৱে ভাইৰেল হৈ পৰিছিল বিৰাট কোহলীৰ বিশেষ ভংগীৰ ফটোখনো।

এতিয়া কৰ্ণাটকত কংগ্ৰেছৰ জয়ৰ পিছত একেই ভংগীতে ৰাহুল গান্ধীৰো ফটোখন ভাইৰেল হৈ পৰাত বিৰাট কোহলীৰ সৈতে কংগ্ৰেছ নেতাগৰাকীৰ তুলনা আৰম্ভ হৈছে।