সপ্তাহটোৰ কেইটামান মহৎ বাণী

নিউজ ডেস্কঃ জীৱন বৰ অনুপম। সঠিক বাটেৰে আগবাঢ়ি জীয়াব জানিলে মানুহৰ জীৱনতকৈ সুন্দৰতম সৃষ্টি আৰু একো নাই।

কিন্তু কেনেকৈ বাচনি কৰিব জীৱনৰ সঠিক বাট। তাৰ বাবেই অভিজ্ঞতাই ঘঁহি-পিহি পুৰঠ কৰা ব্যক্তিসকলৰ মহান উক্তিসমূহ।

এই উক্তিসমূহৰ মাজতেই লুকাই থাকে অনেক শিক্ষা। কণ্টকময় বাট নেওচি সাফল্যৰ শিখৰত উপনীত হোৱাৰ পৰা জীৱনৰ বিপৰ্যস্ত সময়ত সাহস গোটোৱালৈকে এই সকলোবোৰে পাব পাৰি মহান ব্যক্তিসকলৰ অভিজ্ঞতাৰ মাজেৰে।

আজি পঢ়ো আহক সপ্তাহটোৰ কেইটামান মহৎ বাণী-

১. সৰু মনৰ দ্বাৰা কোনো ডাঙৰ হ’ব নোৱাৰে, এবাৰ মন ভাঙি গ’লে কোনেও সফল হ’ব নোৱাৰে। -অটল বিহাৰী বাজপেয়ী

image 43
সপ্তাহটোৰ কেইটামান মহৎ বাণী 8

২. তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা, তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা, কাৰণ যন্ত্ৰণা হ’ল জীয়াই থকাৰ নিশ্চিত লক্ষণ। -এলবাৰ্ট হাবাৰ্ড

image 44
সপ্তাহটোৰ কেইটামান মহৎ বাণী 9

৩. বহু কথা জনা জনকেই জ্ঞানী বুলি নকয়৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী৷ -লেনিন

image 45
সপ্তাহটোৰ কেইটামান মহৎ বাণী 10

৪. তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা সময়ৰ অপচয় নকৰিবা; কাৰণ সময়ৰ সমষ্টিয়েই জীৱন। -বেঞ্জামিন ফ্ৰেংকলিন

image 46
সপ্তাহটোৰ কেইটামান মহৎ বাণী 11

৫. যদি তুমি সূৰ্য্যৰ দৰে জিলিকিব বিচাৰিছা, তেন্তে প্ৰথমে সূৰ্য্যৰ দৰে জ্বলিবও শিকা। -ডঃ এপিজে আব্দুল কালাম

image 47
সপ্তাহটোৰ কেইটামান মহৎ বাণী 12

৬. জীৱনত যদি কিবা কৰি দেখুৱাব বিচাৰিছা, তেন্তে অকলে কেনেকৈ যুঁজিব লাগে প্ৰথমে সেয়া শিকি লোৱা। -নেলচন মেণ্ডেলা

image 48
সপ্তাহটোৰ কেইটামান মহৎ বাণী 13

৭. জীৱনৰ উদ্দেশ্যই হৈছে সুখী হোৱা। কিন্তু মনত ৰাখিবা, আনে তোমাক সুখী কৰিব নোৱাৰে, সুখী হ’ব লাগিব নিজেই।- দালাই লামা

dalai lama a
Wall shadow blank paper frame with flower decoration