অসমীয়াৰাষ্ট্ৰীয়

নৱ বিবাহিতা পত্নীৰ সৈতে জুলাইত ঘৰলৈ অহাৰ কথা আছিল! কিন্তু তাৰ পূৰ্বেই কাশ্মীৰত প্ৰাণ হেৰুৱালে বিজয়ে

নিউজ ডেস্কঃ মাত্ৰ তিনিমাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিজয়ৰ। বিয়াৰ ১২ দিন পিছতে নৱ বিবাহিতা পত্নীক লগত লৈ গুছি আহিছিল কৰ্তব্যস্থলী কাশ্মীৰলৈ।

ডেৰ বছৰ পূৰ্বে কাশ্মীৰৰ এটা বেংকত বেংক মেনেজাৰ হিচাপে নিযুক্ত হৈছিল বিজয় বেনিৱাল। মাতৃক কথা দিছিল- জুলাইত দীঘলীয়া ছুটি লৈ আহিব ঘৰলৈ। কিন্তু…

বৃহস্পতিবাৰে কাশ্মীৰত সন্ত্ৰাসবাদীৰ টাৰ্গেল কিলিঙৰ বলি হ’ল বিজয় বেনিৱাল! কুলগাম জিলাৰ আৰেহ মোহনপোৰাত অৱস্থিত এলকোৱাই দেহাতী বেংকৰ মেনেজাৰ বিজয় বেনিৱালক বেংকৰ ভিতৰতে গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে।

photo1654331464 1

ৰাজস্থানৰ হনুমানগড় জিলাৰ নিৱাসী বিজয়ৰ নশ্বৰ দেহ শুকুৰবাৰে স্বগৃহলৈ উভতাই অনাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে আপোন গাঁওখনত।

মাত্ৰ তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা বিজয়ৰ পত্নী আৰু মাতৃ শোকত ভাগি পৰে। জুলাইত ঘৰলৈ আহিম বুলি কোৱা ল’ৰাটো নশ্বৰ দেহ হৈ উভতাত বাকৰুদ্ধ হৈ পৰে পিতৃও!

photo1654331464

জানিব পৰা মতে, বিজয় বেনিৱালে কাশ্মীৰৰ পৰা বদলি হ’বলৈ চেষ্টা কৰি আছিল। ইয়াৰ বাবে তেওঁ এক লিখিত পৰীক্ষাতো অৱতীৰ্ণ হৈছিল শেহতীয়াকৈ। কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ বাবে খুবেই চিন্তিত হৈ পৰিছিল বিজয় আৰু তেওঁৰ পত্নী।

কাশ্মীৰৰ কুলগামত এগৰাকী শিক্ষকক গুলীয়াই হত্যা কৰাৰ পিছত যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল বিজয়ৰ নৱ বিবাহিতা পত্নী। তেওঁলোকে কাশ্মীৰ এৰাৰ পৰিকল্পনা কৰি আছিল ঠিকেই, কিন্তু সেয়া সাৰ্থক হোৱাৰ পূৰ্বেই প্ৰাণ হেৰুৱাবলগীয়া হ’ল বিজয়ে।

image 48

শুকুৰবাৰে হনুমানগড়ৰ নিজ গাঁওখনত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বিজয় বেনিৱালৰ। কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰা বিজয়ক শ্বহীদ ঘোষণা কৰিছে ৰাজস্থান চৰকাৰে। তেওঁৰ নশ্বৰ দেহ চিতাৰ তোলাৰ সময়ত কান্দোনত ভাগি পৰে সমগ্ৰ গাঁওবাসী।

মুখ্যমন্ত্ৰী অশোক গেহলটে বৃহস্পতিবাৰে এই নৃশংস হত্যাকাণ্ডক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰক কাশ্মীৰবাসীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

জম্মু-কাশ্মীৰৰ কুলগামত কৰ্মৰত ৰাজস্থানৰ হনুমানগড়ৰ বাসিন্দা বিজয় বেনিৱালক সন্ত্ৰাসবাদীয়ে হত্যা কৰা ঘটনাটো অতিশয় দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *