দেশৰ হকে তিনি দশক সেৱা আগবঢ়ায়ো হোৱা নাছিল ঘূণীয়া! কিন্তু ৰাজপথৰ অহংকাৰৰ যুঁজে প্ৰাণ নাশিলে অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰৰ

ডেৰাডুনঃ তিনিটা দশক ধৰি দেশমাতৃৰ সেৱা আগবঢ়োৱা এগৰাকী অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰৰ জীৱনৰ যৱনিকা পৰিল এদল উদণ্ড যুৱকৰ অৰ্থহীন সংঘাতত। মঙলবাৰে প্ৰাতঃভ্ৰমণলৈ ওলাই অহাৰ সময়তে দুটা ফৈদৰ মাজত অৰ্থহীন সংঘাতৰ মাজত সংঘটিত গুলীচালনাই বুকু বিদ্ধ কৰে ৭০ বছৰীয়া প্ৰাক্তন সেনা বিষয়া ভি কে যোশীৰ। উত্তৰাখণ্ডৰ ডেৰাডুনৰ মুছোৰী ৰোডত এখন ফৰ্চুনাৰ আৰু স্কৰ্পিঅ’ এন বাহনৰ মাজত পথত আগবঢ়াক লৈ সৃষ্টি হোৱা সামান্য বিবাদেই মৃত্যুৰ কাৰণ হৈ পৰে প্ৰাক্তন সেনা বিষয়াগৰাকীৰ।

একাধিক যুদ্ধ আৰু বিদ্ৰোহ বিৰোধী অভিযানত শত্ৰুক ধূলিস্যাৎ কৰি দেশৰ হকে তিনিটাকৈ দশক সেৱা আগবঢ়োৱা ব্ৰিগেডিয়াৰ যোশীৰ এনে দুৰ্ভাগ্যজনক বিয়োগে এতিয়া শোকৰ সৃষ্টি কৰিছে সমগ্ৰ উত্তৰাখণ্ডত।

image 63
দেশৰ হকে তিনি দশক সেৱা আগবঢ়ায়ো হোৱা নাছিল ঘূণীয়া! কিন্তু ৰাজপথৰ অহংকাৰৰ যুঁজে প্ৰাণ নাশিলে অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰৰ 3

জানিব পৰা মতে, দিল্লীৰ নম্বৰ থকা এখন ফৰ্চুনাৰ বাহনে স্কৰ্পিঅ’খনক অতিক্ৰম কৰাক লৈ ইগোত আঘাট পোৱা স্কৰ্পিঅ’ আৰোহী কেইজনমান উদণ্ড যুৱকে ফৰ্চুনাৰখনক পিছে পিছে খেদি গৈ পগলাৰ দৰে গুলীচালনা আৰম্ভ কৰে। সেই একেটা সময়তে ব্ৰিগেডিয়াৰ যোশী পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে এটা লক্ষ্যভ্ৰষ্ট গুলী আহি তেওঁৰ দেহত লাগে।

এই ঘটনাত গুলীবিদ্ধ হৈ মাটিত ঢলি পৰা বিগ্ৰেডিয়াৰ যোশীক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মাত্ৰ এখন বাহনক অতিক্ৰম কৰাৰ অহংকাৰতে একাংশ লোকে কেনেদৰে এজন নিৰপৰাধী ব্যক্তিক গুলীয়াই হত্যা কৰিব পাৰে, তাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। একে সময়তে এগৰাকী নিষ্ঠাবান সৈনিকৰ এনে অকাল মৃত্যুই এতিয়া ৰাজপথত একাংশ লোকৰ উগ্ৰতা আৰু সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

image 64
দেশৰ হকে তিনি দশক সেৱা আগবঢ়ায়ো হোৱা নাছিল ঘূণীয়া! কিন্তু ৰাজপথৰ অহংকাৰৰ যুঁজে প্ৰাণ নাশিলে অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰৰ 4

বিগত ৩৬ বছৰ ধৰি দেশৰ বিভিন্ন প্ৰত্যাহ্বানমূলক অভিযানত অংশ লোৱা এইগৰাকী ব্ৰিগেডিয়াৰৰ মৃত্যুৰ বাবে জগৰীয়া অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাত ব্যৱহৃত বাহন আৰু অস্ত্ৰসমূহৰ সন্ধান চলাইছে। এজন যোদ্ধাৰ জীৱন এনেদৰে এদল সমাজবিৰোধীৰ বাবে শেষ হৈ যোৱা ঘটনাই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Comment