এল পি জি চিলিণ্ডাৰৰ বুকিঙেই কাল হ’ল পলাতক সেনা বিষয়াৰ; ৪ বছৰৰ অন্তত গ্ৰেপ্তাৰ পত্নীহন্তা সন্দীপ টোমৰ

নিউজ ডেস্কঃ ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিয়েই বিপদত পৰিল চাৰি বছৰ ধৰি পলাতক হৈ থকা পত্নীহন্তা এজন প্ৰাক্তন সেনা বিষয়া। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ পাছৰে পৰা আত্মগোপন কৰি থকা সন্দীপ টোমাৰক অৱশেষত মধ্যপ্ৰদেশৰ পাণ্ডুৰ্ণাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ফা জিলকা আৰক্ষী। এটা এল পি জি চিলিণ্ডাৰৰ বুকিঙে পোহৰলৈ অনা এই তথ্যৰ আধাৰতে আৰক্ষীয়ে হত্যাকাৰী স্বামীক কৰায়ত্ত কৰি শনিবাৰে আদালতত হাজিৰ কৰায়।

উল্লেখ্য যে, ২০১৩ চনত আবোহৰত কৰ্মৰত অৱস্থাতে সন্দীপ টোমাৰে নিজ পত্নী শ্বেতা সিঙক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। আৰম্ভণিতে এই সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তদন্তত ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰমাণিত হয়। ২০১৪ চনত বিচাৰকৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু ২০২২ চনত উচ্চ ন্যায়ালয়েও এই ৰায় বাহাল ৰাখে।

image 62
এল পি জি চিলিণ্ডাৰৰ বুকিঙেই কাল হ’ল পলাতক সেনা বিষয়াৰ; ৪ বছৰৰ অন্তত গ্ৰেপ্তাৰ পত্নীহন্তা সন্দীপ টোমৰ 2

২০১৯ চনত জামিন লাভ কৰাৰ পিছত ২০২২ চনত উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায়ৰ পাছতো টোমাৰে আত্মসমৰ্পণ নকৰি পৰিচয় সলাই বিভিন্ন ঠাইত আত্মগোপন কৰি আছিল।

পলাতক অপৰাধীজনক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আৰক্ষীৰ বাবে আটাইতকৈ ডাঙৰ ক্লু আছিল তেওঁৰ বেংক একাউণ্ট আৰু পেন কাৰ্ড। ফা জিলকা আৰক্ষীৰ এক বিশেষ তদন্তকাৰী দলে টোমাৰৰ পেন কাৰ্ডৰ সৈতে জড়িত এটা বেংক একাউণ্টৰ তথ্য লাভ কৰে। সেই একাউণ্টৰ জৰিয়তে তেওঁ মধ্যপ্ৰদেশৰ পাণ্ডুৰ্ণা জিলাৰ এটা গেছ এজেন্সীত এল পি জি চিলিণ্ডাৰ বুক কৰিছিল। এই তথ্যৰ আধাৰতে আৰক্ষীয়ে গেছ ডেলিভাৰীৰ ঠিকনা সংগ্ৰহ কৰি মধ্যপ্ৰদেশ আৰক্ষীৰ সহযোগত অপৰাধীজনক কৰায়ত্ত কৰে।

প্ৰণিধানযোগ্য যে, শ্বেতা সিঙৰ পিতৃ ৰাম নৰেশে ২০২৪ চনত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ টোমাৰক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল। উচ্চ ন্যায়ালয়ে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানক ৮ এপ্ৰিলৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পাছতে আৰক্ষী সক্ৰিয় হৈ পৰে আৰু অৱশেষত মধ্যপ্ৰদেশৰ পৰা হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰি ফা জিলকা আদালতত হাজিৰ কৰায়।

আদালতে বৰ্তমান টোমাৰক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। যোৱা চাৰি বছৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি থকা সেনা বিষয়াগৰাকীৰ এই পতন এতিয়া অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

Leave a Comment