নিউজ ডেস্কঃ ঘৰলৈ আহিবলগীয়া কণমানি আলহীৰ বাবে ব্যাপক প্ৰস্তুতিৰ মাজতে হাৰিয়ানাত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড। এগৰাকী ২৫ বছৰীয়া গৰ্ভৱতী মহিলাক নিজ স্বামীয়েই চলনাময়ী চক্ৰান্তৰে ডিঙি কাটি হত্যা কৰা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ পাঁচ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মেহেক নামৰ বেংক বিষয়াগৰাকীক তেওঁৰ স্বামী অংশুলে অতি পৰিকল্পিতভাৱে হত্যা কৰি লুটপাতৰ এক মিছা কাহিনী ৰচনা কৰিছিল।

হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ বাডলী অঞ্চলত দেওবাৰে নিশা এই মৰ্মান্তিক ঘটনা সংঘটিত হয়। হিচাৰৰ পৰা গুৰুগ্ৰামলৈ উভতি অহাৰ সময়ত অংশুল নামৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্টে তেওঁৰ ডেৰ মহীয়া অন্তঃসত্বা পত্নী মেহেকক ডিঙি ৰেপি হত্যা কৰে। এই হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ তেওঁ ফোন কৰি কয় যে কিছুমান দুৰ্বৃত্তই তেওঁলোকৰ গাড়ীখন পিছে পিছে খেদি আহিছিল আৰু এক নিৰ্জন পথত মেহেকক হত্যা কৰি লুটপাত চলাই পলায়ন কৰে।
অৱশ্যে আৰক্ষীৰ তদন্তত এই নাটক বেছি সময় টিকি নাথাকিল। দুৰ্ঘটনাস্থলীৰ কিছু নিলগত এযোৰ গ্লভছ উদ্ধাৰ হোৱাৰ পাছতে আৰক্ষীৰ সন্দেহ ঘনীভূত হয়। পৰৱৰ্তী সময়ত কঠোৰ জেৰাত অংশুলে স্বীকাৰ কৰে যে তেওঁ নিজেই গ্লভছ পিন্ধি পত্নীৰ ডিঙি কাটি হত্যা কৰিছিল। মৃত মেহেক গুৰুগ্ৰামৰ এইচডিএফচি বেংকত ডেপুটি মেনেজাৰ হিচাপে কৰ্মৰত আছিল।

মেহেকৰ পৰিয়ালৰ লোকে জনোৱা মতে, দুয়োৰে মাজত কোনো ধৰণৰ মনোমালিন্যৰ কথা তেওঁলোকে জনা নাছিল। কেইদিনমান পূৰ্বেহে মেহেকে তেওঁ গৰ্ভৱতী হোৱাৰ সুখবৰটো দি পৰিয়ালৰ সকলোকে আনন্দিত কৰি তুলিছিল। মেহেকৰ ভগ্নীয়ে কয়, “কালি লৈকে তাই নিজৰ অনাগত সন্তানক লৈ সপোন দেখি আছিল, কিন্তু আজি সকলো শেষ হৈ গ’ল!”

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰি এই নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে। গৰ্ভাৱস্থাক লৈ কিবা পাৰিবাৰিক চাপ আছিল নেকি অথবা অন্য কোনো গোপন কাৰণত অংশুলে ইমান ভয়াৱহ পদক্ষেপ ল’লে, সেই দিশটো এতিয়া আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।









