অসমীয়াঅসম

ONGCৰ পিছত এইবাৰ OILত কৰ্মৰত অসমীয়া যুৱকৰ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্কঃ অ’এনজিচিৰ পিছত এইবাৰ OILত কৰ্মৰত অৱস্থাত প্ৰাণ হেৰুৱালে এগৰাকী কৰ্মচাৰীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে দুলীয়াজানৰ OILত।

উল্লেখ্য যে, কৰ্মস্থলীৰ শৌচাগাৰত পৰি গুৰুতৰভাৱে আহত হৈছিল OILৰ কৰ্মচাৰী বিকাশ গগৈ।

জানিব পৰা মতে, টেঙাখাতস্থিত কঠালনী জিচিএছত কৰ্মৰত অৱস্থাতে মৃত্যু ঘটে যুৱ কৰ্মচাৰীজনৰ।

কৰ্মচাৰীৰ শৌচাগাৰত পিচলি পৰি গুৰুতৰভাৱে আহত হোৱাৰ পিছত যুৱকজনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হয়। কিন্তু চিকিৎসালয় পোৱাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।

oil accident

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে তিতাবৰৰ বৰহোলাৰৰ কলাপানীস্থিত ONGCৰ তেল খাদত পাইপ ড্ৰিলিঙৰ সময়ত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল এগৰাকী কনিষ্ঠ অভিযন্তাই।

মূৰত পাইপ পৰাৰ ফলত মৃত্যুক সাৱটি লোৱা অভিযন্তাগৰাকীৰ আছিল যোৰহাটৰ পকামুৰাৰ নিৱাসী সমৰ জ্যেতি পাঠক।