অসম

পৰীক্ষা নিদিয়াকৈয়ে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ’ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী…

পৰীক্ষা নিদিয়াকৈয়ে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ’ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী।

ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ইতিমধ্যে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

এক জাননীৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰণৰ বাবে এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে সংসদে।

FU0c2WKXwAEaSO9

পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে স্বাক্ষৰ কৰা পত্ৰখনৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীকে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ বাবে নিৰ্দেশনা দিছে।

পত্ৰখনত কোৱা হৈছে,শিক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে প-পত্ৰ পূৰণ কৰিছিল যদিও প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰণৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে। সেয়েহে তেওঁলোক সকলোকে উত্তীৰ্ণ কৰাব লাগে।

লগতে শিক্ষানুষ্ঠান সমূহৰ মূৰব্বীক শিক্ষাৰ্থীসকলৰ পূৰ্বৰ পৰীক্ষাৰ নম্বৰসমূহ সংসদৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে শিক্ষাৰ্থীসকলৰ বাবে মাৰ্কশ্বিত তৈয়াৰ কৰিব পাৰে।