নিউজ ডেস্কঃ বিজেপি শাসিত উত্তৰ প্ৰদেশৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰি বহুজন সমাজ পাৰ্টিৰ একমাত্ৰ বিধায়ক উমাশংকৰ সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আয়কৰ বিভাগে আৰম্ভ কৰিছে এক বৃহৎ অভিযান। ৰাজ্যখনৰ সাতখন জিলাৰ লগতে দিল্লী-এনচিআৰৰ বিভিন্ন স্থানত চলা ৩০ ঘণ্টীয়া তালাচীত এতিয়ালৈকে ৯ কোটি টকাতকৈও অধিক নগদ ধন আৰু বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হৈছে। তদন্তকাৰী দলটোৱে বিধায়কজনৰ ঘৰৰ দেৱালত লুকুৱাই থোৱা আলমাৰীৰ পৰা এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিভাগীয় সূত্ৰৰ মতে, বিধায়কজনৰ সৈতে জড়িত ‘চি এছ ইনফ্ৰাকনষ্ট্ৰাকচন লিমিটেড’ নামৰ প্ৰতিষ্ঠানখনৰ বিত্তীয় খেলিমেলিৰ অভিযোগত এই অভিযান চলোৱা হৈছে। তালাচীৰ সময়ত উদ্ধাৰ হোৱা ডায়েৰী আৰু হস্তলিখিত নথিয়ে বৃহৎ পৰিমাণৰ ক’লা ধনৰ লেনদেনৰ ইংগিত দিছে। ইয়াৰ উপৰিও বাৰাণসীত বিধায়কজনৰ সৈতে জড়িত ৬ টাকৈ বেংক একাউণ্ট ফ্ৰীজ কৰা হৈছে।

উল্লেখ্য যে, বলিয়াৰ খনবৰ গাঁৱত থকা বিধায়কজনৰ পৈতৃক বাসগৃহৰ লগতে লক্ষ্ণৌ, প্ৰয়াগৰাজ আৰু বাৰাণসীৰ বাসগৃহ আৰু কাৰ্যালয়ত ডজনৰো অধিক বিষয়া আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। তদন্তৰ আওতালৈ এতিয়া একাংশ চৰকাৰী বিষয়ায়ো আহি পৰাৰ সম্ভাৱনা আছে, যিসকলে বিধায়কজনৰ ফাৰ্মত বিনিয়োগ কৰিছিল বুলি সন্দেহ কৰা হৈছে। বৰ্তমানো বিভিন্ন স্থানত তালাচী অব্যাহত আছে আৰু উদ্ধাৰ হোৱা ধনৰ পৰিমাণ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে তদন্তকাৰী সংস্থাই।









