অসমীয়ামেঘালয়

উৎকট গৰম! এইখন জিলাত দিনৰ ভাগত বন্ধ বিদ্যালয়ৰ পাঠদান…

নিউজ ডেস্কঃ শীতৰ বিদায়ৰ লগে লগে ব’হাগৰ দুপৰীয়াত বেলিটিয়ে ধাৰণ কৰিছে ৰুদ্ৰৰূপ।

দেহা দেই নিয়াৰ বেলিৰ উত্তাপ আৰু প্ৰচণ্ড গৰমে যেন ক্ৰমান্বয়ে ব্যাহত কৰিছে স্বাভাৱিক জীৱন যাপন।

এনে ব’হাগৰ গৰম দিনত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়তো সকলোৱে দহবাৰ ভাৱিবলগীয়া হৈছে।

গৰমৰ এনে ভয়ংকৰ ৰূপৰ বাবেই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চৰকাৰে গ্ৰহণ কৰিবলগীয়া হৈছে এক সিদ্ধান্ত।

image 85

ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি পশ্চিম গাৰো পাহাৰ জিলাৰ সকলো চৰকাৰী বিদ্যালয়ত দিনৰ ভাগত পাঠদান বন্ধ ৰখাৰ ঘোষণা কৰিছে।

আগন্তুক তিনিদিনলৈ জিলাখনৰ শিক্ষানুষ্ঠানত বন্ধ ৰখা হ’ব পাঠদান।

উল্লেখ্য যে, প্ৰচণ্ড গৰমৰ বাবে মঙলবাৰে ৰাজ্যত এজন লোকৰ মৃত্যু ঘটাৰো ঘটনা পোহৰলৈ আহিছে।