মৰ্মান্তিক! অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পথৰ ওপৰতে পৰি থাকিল ২ CISFৰ জোৱান, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ কথা পাতি পাতি পথৰ কাষে কাষে খোজ কাঢ়ি গৈ থকা সময়তে অচিনাক্ত তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটিলে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ দুজনকৈ জোৱানে।

সোমবাৰে নিশা ঝাৰখণ্ডৰ ৰামগড় জিলাৰ পাত্ৰতু আৰক্ষী থানাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত চিআইএছএফৰ জোৱান দুজনক কেৰালাৰ তিৰুৱান্তপুৰমৰ কুদাপ্পানকুন্নু নিৱাসী অৰৱিন্দ আৰু ধৰ্মপাল বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, জোৱান দুজনে কৰ্তব্য সম্পাদন কৰি নিশা পথৰ দাঁতিয়েদি খোজ কাঢ়ি শিৱিৰ অভিমুখে গৈ আছিল।

সেই সময়তে এখন দ্ৰুতবেগী অচিনাক্ত বাহনে জোৱান দুজনক মহতিয়াই থৈ যায়।

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘ সময় ধৰি পথৰ ওপৰতে পৰি থাকে দুয়োজন জোৱান।

পিছত বাটৰুৱাৰ জৰিয়তে আৰক্ষীয়ে দুৰ্ঘটনাৰ বিষয়ে অৱগত হৈ ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চিনাক্তকৰণত নামি পৰিছে।