UPSCত সাফল্য অসম সন্তানৰ! চিকিৎসা বৃত্তি এৰি সৰ্বভাৰতীয় পৰ্যায়ত পঞ্চম স্থান লাভেৰে IAS বিষয়া হ’ল তেজপুৰৰ ময়ূৰ হাজৰিকা…

নিউজ ডেস্কঃ দেশৰ ভিতৰতে আটাইতকৈ কঠিন পৰীক্ষা হিচাপে পৰিচিত UPSC পৰীক্ষাত পঞ্চম স্থানেৰে উজ্বলি উঠিল এগৰাকী অসম সন্তান।

UPSCৰ ইতিহাসত সৰ্বোত্তম স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেজপুৰৰ ময়ূৰ হাজৰিকাই।

চিকিৎসা বৃত্তি এৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলোৱা ময়ূৰৰ এই সাফল্যই আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ তেজপুৰত।

উল্লেখ্য যে, ২০১৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ তেজপুৰৰ ডন বস্ক’ হায়াৰ চেকণ্ডাৰী স্কুলৰ পৰা ৰাজ্যৰ ভিতৰতে দশম স্থান দখল কৰিছিল ময়ূৰ হাজৰিকাই।

পৰৱৰ্তী সময়ত ২০১৫ চনতো উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বিজ্ঞান শাখাত দশম স্থান অধিকাৰ কৰিছিল তেজপুৰৰ মাজবাটৰ এই মেধাৱী ছাত্ৰজনে।

ইয়াৰ পিছতে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি চিকিৎসক হিচাপে তেওঁ আৰম্ভ কৰে জীৱন।

কিন্তু এই চিকিৎসা বৃত্তিৰ সৈতেও সন্তুষ্ট নোহোৱা ময়ূৰ হাজৰিকাই কৰ্তব্যৰ মাজে মাজেই চলাই যায় ইউপিএছচিৰ বাবে প্ৰস্তুতি।

কৰ্তব্যৰ পৰা উভতি নিশা ৩-৪ ঘণ্টাকৈ অধ্যয়ন কৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলোৱা ময়ূৰ হাজৰিকাই লোৱা নাছিল কোনো অফলাইন কোচিং।

অনলাইনত ক্লাছ আৰু ইন্টাৰনেটত উপলব্ধ তথ্যৰ জৰিয়তে প্ৰস্তুতি চলাই আজি ঘোষণা হোৱা দেশৰ আটাইতকৈ কঠিন পৰীক্ষাটোত সৰ্বভাৰতীয় পৰ্যায়ত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় ময়ূৰে।

এগৰাকী আইএএছ বিষয়া হোৱাৰ পথ প্ৰশস্ত হৈ পৰা ময়ূৰ হাজৰিকা আৰু তেওঁৰ পৰিয়ালে এই সাফল্যৰ পিছত আনন্দ ব্যক্ত কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইউপিএছচিত অসমীয়াৰ সৰ্বোত্তম স্থান আছিল সৰ্বভাৰতীয় পৰ্যায়ত অষ্টাদশ।

এই স্থান লাভ কৰিছিল বৰ্তমানৰ ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰে।

অন্যহাতে এইবাৰ ইউপিএছচিত ময়ূৰ হাজৰিকাৰক লগতে আন কেইবাগৰাকীও অসমীয়াই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।