নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ নাগপুৰ-পুনে ঘাইপথত মঙলবাৰে পুৱা এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষত কমেও ৭ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন ১৩ জন লোক।
জানিব পৰা মতে, বুলধানৰ মেহেকাৰ অভিমুখে গৈ থকা যাত্ৰীবাহী বাছখনত বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনে খুন্দা মৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আনহাতে নিহত সকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।