নিউজ ডেস্কঃ আকৌ অসম আৰক্ষীত বৃহৎ ৰদবদল।
এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ কেইবাগৰাকীও এপিএছ বিষয়াক বদলি।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিৱ প্ৰতীম কুম্বাঙক বদলি।
তেওঁৰ ঠাইত মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাক দিয়া হৈছে নিযুক্তি।
ত্ৰিদিৱ প্ৰতীম কুম্বাঙক তামুলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান।

আনহাতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপজ্যোতি কলিতাকো কৰা হৈছে বদলি।
নগাঁৱৰ অপৰাধ শাখাৰ নতুন অতিৰিক্ত আৰক্ষী অধীক্ষক হ’ব এপিএছ বিষয়া পাৰ্থপ্ৰতিম শইকীয়া।
এপিএছ ৰূপজ্যোতি কলিতাক উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথক মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি।
ৰাজ্য বিভাগৰ গৃহ বিভাগে জাৰি কৰিছে এই বদলিৰ নিৰ্দেশ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক ক্ৰমে লীনা দলে আৰু বেদান্ত মাধৱ ৰাজখোৱাকো কৰা হৈছিল বদলি।
নৱনীত বৰাক নগাঁৱৰ আৰু আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে দিয়া হৈছে নিযুক্তি।