আৰক্ষী কন্যাৰ হাততে প্ৰাণ গৈছিল হেড কনিষ্টবল পিতৃৰ! ৩ বছৰ পাছত ৰহস্য ফাদিল প্ৰাক্তন প্ৰেমিকৰ

নিউজ ডেস্কঃ তিনি বছৰ পূৰ্বে নিজ আৰক্ষী কন্যাৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এজন আৰক্ষী পিতৃয়ে। সেই সময়ত এক স্বাভাৱিক মৃত্যু বুলি ধৰি লৈ সকলোৱে পাহৰি পেলোৱা হেড কনষ্টেবল জয়ন্ত বাল্লাৱাৰৰ মৃত্যুক লৈ শেহতীয়াকৈ উত্থাপন হৈছে এক চাঞ্চল্যকৰ অভিযোগ। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ আৰক্ষী মহলতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ২০২৩ চনৰ ২৫ এপ্ৰিলত কৰ্তব্যত থকা অৱস্থাতে হঠাতে অসুস্থ হৈ পৰিছিল হেড কনষ্টেবল জয়ন্ত বাল্লাৱাৰ। চিকিৎসালয়লৈ নিয়াৰ পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। সকলোৱে এয়া এক আকস্মিক মৃত্যু ভাৱি লোৱা এই ঘটনাৰ তিনি বছৰ পাছত এতিয়া পোহৰলৈ আহিছে ৰহস্য।

image 60
আৰক্ষী কন্যাৰ হাততে প্ৰাণ গৈছিল হেড কনিষ্টবল পিতৃৰ! ৩ বছৰ পাছত ৰহস্য ফাদিল প্ৰাক্তন প্ৰেমিকৰ 3

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি হেড কনিষ্টবলগৰাকীৰ নিজ কন্যা আৰ্য জয়ন্ত বাল্লাৱাৰ আৰু তেওঁৰ প্ৰমিক আশীষ মহেশ শ্বেডমাকে মিলি ৰচিছিল এই হত্যাৰ ষড়যন্ত্ৰ। প্ৰেমত হেঙাৰ হৈ থিয় দিয়া পিতৃক বাটৰ পৰা আঁতৰাবলৈ হত্যাৰ পৰিকল্পনা কৰিছিল কন্যা আৰ্যই। সেই অনুসৰি প্ৰেমিক আশীষৰ এজন নাবালক আত্মীয়ৰ জৰিয়তে যোগাৰ কৰিছিল বিহ আৰু কৰ্তব্যলৈ যাবলৈ ওলোৱা পিতৃক গাখীৰৰ সৈতে মিহলাই সেয়া খুৱাইছিল আৰ্যই।

লক্ষ্যণীয়ভাৱে পিতৃক হত্যা কৰাৰ দুটা বছৰ পাছত অৰ্থাৎ ২০২৫ চনত আৰক্ষী বাহিনীত নিযুক্তি লাভ কৰিছিল আৰ্য জয়ন্ত বাল্লাৱাৰ আৰু প্ৰেমিক আশীষে।

image 61
আৰক্ষী কন্যাৰ হাততে প্ৰাণ গৈছিল হেড কনিষ্টবল পিতৃৰ! ৩ বছৰ পাছত ৰহস্য ফাদিল প্ৰাক্তন প্ৰেমিকৰ 4

কিন্তু শেহতীয়াকৈ আৰ্য আৰু আশীষৰ মাজত সৃষ্টি হোৱা তীব্ৰ সংঘাতৰ পাছতে পিতৃৰ হত্যাকাৰী আৰক্ষী জোৱান আৰ্যৰ মুখা খোলে আশীষ মহেশে। ইয়াৰ পাছতে ঘটনাৰ ক্ষীপ্ৰ তদন্ত চলাই আৰক্ষীয়ে আৰ্য আৰু আশীষৰ লগতে তেওঁলোকক এই হত্যাকাণ্ডত সহায় কৰা চৈতন্য ওৰফে মণ্টি শচীন গেডাম নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰে। লগতে এজন নাবালককো জিম্মাত লৈ আটাইৰে বিৰুদ্ধে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Comment