চাঞ্চল্যকৰ! ১৪ বছৰ কাৰাবাসৰ পাছত ওলাই আহিয়েই নৰভক্ষক হৈ পৰিল গুড্ডু…

নিউজ ডেস্কঃ পত্নীৰ হত্যাৰ গোচৰত ১৪ বছৰ জে’লত থকাৰ পাছত বাহিৰলৈ অহা এজন লোক হঠাতে পৰিণত হ’ল এজন ভয়ংকৰ নৰখাদকলৈ। মধ্যপ্ৰদেশৰ দমোহ জিলাত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই এতিয়া সমগ্ৰ দেশ কঁপাই তুলিছে। গুড্ডু পেটেল নামৰ এজন দুৰ্ধৰ্ষ অপৰাধীয়ে ১৬ বছৰীয়া এজন কিশোৰক অতি নিষ্ঠুৰভাৱে হত্যা কৰি ৰক্ত পান কৰাৰ লগতে মাংস পৰ্যন্ত ভক্ষণ কৰে।

ইমলিয়া চকী অঞ্চলৰ অৰ্থখেড়া গাঁৱৰ নিবাসী কিশোৰ ভাৰত বিশ্বকৰ্মা ভাই-দুজ উপলক্ষে নিজৰ ভগ্নীক লগ কৰিবলৈ সমন্না গাঁৱলৈ গৈছিল। ভগ্নীৰ ঘৰ পোৱাৰ আগতেই বাটত তেওঁৰ মুখামুখি হয় গুড্ডু পেটেলৰ সৈতে। কিশোৰজনৰ খুৰাকৰ পুত্ৰ বিজয় বিশ্বকৰ্মাই জনোৱা অনুসৰি, গুড্ডুৱে হঠাতে এডাল লোৰ ৰড আৰু হাতুৰীৰে ভাৰতৰ মূৰত উপৰ্যুপৰি আক্ৰমণ চলায়।

ভয়ত বিতত হৈ বিজয়ে গাঁওবাসীক খবৰ দিবলৈ দৌৰি যোৱাৰ সময়তে গুড্ডুৱে মৃতদেহটোৰ সৈতে চলায় পৈশাচিক আচৰণ। কিশোৰজনৰ ক্ষত-বিক্ষত মূৰৰ পৰা তেজ পান কৰাৰ লগতে তেওঁৰ মাংস খাবলৈ ধৰা গুড্ডুক দেখি সমগ্ৰ অঞ্চলটোত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি হয়। গাঁওবাসীৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ পথাৰ ঘেৰি ধৰি এক দীঘলীয়া অভিযানৰ পাছত হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

image
চাঞ্চল্যকৰ! ১৪ বছৰ কাৰাবাসৰ পাছত ওলাই আহিয়েই নৰভক্ষক হৈ পৰিল গুড্ডু… 2

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে গুড্ডু পেটেল এজন দাগী অপৰাধী। প্ৰায় দুই দশক পূৰ্বে নিজৰ পত্নীক হত্যা কৰাৰ অপৰাধত তেওঁ ১৪ বছৰ কাৰাবাস খাটিছিল আৰু দুবছৰ পূৰ্বেহে জে’লৰ পৰা মুকলি হৈ আহিছিল। পত্নীৰ মৃত্যুৰ পাছত গুড্ডুৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানেও তেওঁৰ সৈতে সম্পৰ্ক ত্যাগ কৰিছিল।

গাঁওবাসীয়ে গুড্ডুক এজন মানসিক ৰোগী বুলি ভাবিছিল যদিও তেওঁ যে ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে, সেয়া কোনেও কল্পনা কৰা নাছিল। বৰ্তমান কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়া হৈছে। এই শিহৰণকাৰী হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য কি আছিল, সেই সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Comment