১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া; ৯০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ কৰ্ণাটকৰ পাছতেই এইবাৰ ১৩ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে। শুকুৰবাৰে বিধানসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অহা ৯০ দিনৰ ভিতৰত এই নতুন নিয়ম কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি ১৩ ৰ পৰা ১৬ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰতো একে নিষেধাজ্ঞা আৰোপ কৰিব পাৰি নেকি, সেই সন্দৰ্ভতো চৰকাৰে পৰ্যালোচনা কৰি থকা বুলি তেওঁ জানিবলৈ দিয়ে।

নিষেধাজ্ঞাৰ সময়সীমা নিৰ্ধাৰণ কৰি চন্দ্ৰবাবু নাইডুৱে কয়, “আমি নিশ্চিত কৰিম যে অহা ৯০ দিনৰ ভিতৰত যাতে ১৩ বছৰৰ তলৰ কোনো শিশুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে।”

image 10
১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া; ৯০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ 2

তেওঁ লগতে কয়, “১৩ ৰ পৰা ১৬ বছৰ বয়সৰ কিশোৰসকলৰ বাবেও এই নিষেধাজ্ঞা বৃদ্ধি কৰাৰ বিষয়ে আমি এতিয়া আলোচনা কৰি আছোঁ। এই সন্দৰ্ভত চৰকাৰে অতি সোনকালে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।”

বিধানসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে তিৰুপতি মন্দিৰৰ লাডু বিতৰ্কৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰে মন্দিৰৰ পবিত্ৰতা নষ্ট কৰি লাডু প্ৰস্তুত কৰাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল। এই কাৰ্য কেৱল এক অপৰাধ নহয়, বৰঞ্চ এক গভীৰ ষড়যন্ত্ৰ আছিল বুলিও নাইডুৱে দাবী কৰে। তেওঁ লগতে কয় যে ইমান বিতৰ্কৰ পাছতো ৰাজ্যখনৰ মন্দিৰসমূহত ধৰ্মীয় পৰ্যটকৰ সংখ্যা প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে।

অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপে শিশুৰ মানসিক সুৰক্ষাৰ দিশত এক নতুন মাত্ৰা যোগ কৰিব বুলি ধাৰণা কৰা হৈছে। ছ’চিয়েল মিডিয়াৰ আসক্তিৰ পৰা কিশোৰ সমাজক ৰক্ষা কৰিবলৈ চৰকাৰে লোৱা এই কঠোৰ স্থিতিক লৈ এতিয়া সমগ্ৰ দেশতে আলোচনা আৰম্ভ হৈছে।

Leave a Comment