ৰাষ্ট্ৰীয়

পাষণ্ড স্বামীৰ লাঠিৰ কোবত মহিলাৰ মৃত্যু! মাতৃৰ নিথৰ দেহৰ কাষতে পুতলা লৈ খেলি ৰ’ল অবোধ কন্যা

পাটনা, ৭ অক্টােবৰ। পাষণ্ড পিতৃৰ অকথ্য প্ৰহাৰত মৃত্যুৰ কোলাত শুই পৰিছিল মাতৃ। কিন্তু চিৰদিনৰ বাবে হেৰাই যোৱা মাতৃৰ মৃতদেহৰ কাষতে বহি পুতলাৰ সৈতে খেলি ৰ’ল অবোধ কণমানিয়ে। এই হৃদয়বিদাৰক ঘটনাই এতিয়া সেমেকাই তুলিছে সকলোৰে দুচকু। ঘটনাৰ স্থান বিহাৰৰ বৈশালী জিলাৰ বিদুপুৰ থানাৰ অন্তৰ্গত মধুৰাপুৰ ৱাৰ্ড নম্বৰ ৬।

Amazon Great Indian Festival — deals revealed, top deals under ₹499

জানিব পৰা মতে, পাৰিবাৰিক বিবাদৰ চূড়ান্ত পৰিণতিত আশা দেৱী নামৰ ২২ বছৰীয়া এগৰাকী গৃহবধূক লাঠিৰে কোবাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামী সুজিত পাছোৱানৰ বিৰুদ্ধে। দেওবাৰে স্থানীয় এজন লোকে আশা দেৱীৰ মৃত্যুৰ খবৰ পিতৃ পৰিয়ালক দিয়াৰ পিছতেই পোহৰলৈ আহে এই মৰ্মান্তিক হত্যাকাণ্ডৰ কথা। খবৰ পাই পৰিয়ালৰ লোক উপস্থিত হৈ দেখে যে ঘৰৰ দুৱাৰ খোলা আছে আৰু কোঠাৰ ভিতৰত বিছনাৰ ওপৰত পৰি আছে আশা দেৱীৰ নিথৰ দেহ। তাৰ কাষতেই পাঁচ বছৰীয়া কন্যা অংশিকা কুমাৰীয়ে মাতৃ সাৰ পাব বুলি ভাবি মাতি মাতি নিৰ্বিকাৰভাৱে খেলি আছিল নিজৰ পুতলাবোৰৰ সৈতে।

ভুক্তভোগী আশা দেৱীৰ পিতৃ গণেশ পাছোৱানে অভিযোগ কৰে যে হত্যাৰ পিছতেই কণমানিটিক অকলশৰে এৰি থৈ ঘৰৰ সকলো সদস্য পলাই পত্ৰং দিয়ে। ৰাঘোপুৰ ব্লকৰ পাহাৰপুৰ গাঁৱৰ বাসিন্দা আশা দেৱীৰ আঢ়ৈ বছৰ পূৰ্বে মধুৰাপুৰৰ বিলাস পাছোৱানৰ পুত্ৰ সুজিত পাছোৱানৰ সৈতে বিবাহ সম্পন্ন হৈছিল। দুয়োৰে আছিল এইখন দ্বিতীয় বিবাহ। পূৰ্বৰ বিবাহৰ সন্তানক লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল আৰু দেওবাৰে নিশা সেই বিষয়টোক লৈ সৃষ্টি হোৱা বিবাদৰ সময়তে সুজিতে লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰি আশাক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

ইফালে, ঘটনাৰ খবৰ পোৱাৰ পিছতে বিদুপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবি প্ৰকাশৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। ফৰেনছিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰাৰ লগতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া মতে পলাতক সুজিত পাছোৱান আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক কৰায়ত্ত কৰিবলৈ ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *