নিউজ ডেস্ক। ভাৰতৰ সৰ্বোত্তম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ)ৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলা উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছে অধ্যাপক শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে।
জেএনইউৰ সদ্য অৱসপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক জগদীশ কুমাৰৰ স্থানত নিযুক্তি লাভ কৰে অধ্যাপক শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে।

উল্লেখ্য যে, অধ্যাপক শান্তিশ্ৰীৰ জন্ম ১৯৬২ চনৰ ১৫ জুলাইত ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত হৈছিল। তেওঁৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত অসামৰিক কৰ্মচাৰী, লেখিক আৰু সাংবাদিক আছিল। আনহাতে তেওঁৰ মাতৃ আছিল তামিল আৰু তেলেগু ভাষা বিভাগৰ অধ্যাপক।
স্কুলীয়া শিক্ষাকালত ষ্টেট ৰেংক হোল্ডাৰ শান্তিশ্ৰীয়ে প্ৰেচিডেন্সি কলেজৰ পৰা ইতিহাস আৰু সামাজিক মনোবিজ্ঞানত বিএ ডিগ্ৰী লাভ কৰে। য’ত তেওঁ স্বৰ্ণ পদক বিজয়ী আছিল আৰু ৫টা পদক আৰু ২টা বিশ্ববিদ্যালয় বঁটা লাভ কৰিছিল।

তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰা তেওঁৰ এমফিল ডিগ্ৰী লাভ কৰে।
শান্তিশ্ৰী জেএনইউৰ পৰা ৮৩.৪ শতাংশ নম্বৰৰ সৈতে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰে।
তেওঁ ১৯৮৫-৮৭ চনত জেএনইউৰ তামিলনাডু ছাত্ৰ সন্থাৰ সম্পাদকো আছিল। অধ্যাপক শান্তিশ্ৰীৰ ১৯৮৮ চনৰ পৰা ৩৪ বছৰৰ শিক্ষাদানৰ অভিজ্ঞতা আছে।









