নিশা ONGCৰ GGSত ভয়ংকৰ অগ্নিকাণ্ড, আতংকময় পৰিৱেশ…

শিৱসাগৰ কালুগাঁৱৰ জতকীয়াত নিশা ONGCৰ এটা GGSত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

জতকীয়াস্থিত ৪ নং মিনি GGSত সংঘটিত হয় এই অগ্নিকাণ্ড।

জানিব পৰা মতে GGSৰ কম্প্ৰেছৰত সূত্ৰপাত হয় অগ্নিকাণ্ড।

যান্ত্ৰিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ কম সময়তে সমগ্ৰ এলেকাটো ধোঁৱাই আৱৰি ধৰে।

ফলত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বহু পৰিয়ালে ঘৰ এৰি নিৰাপদ ঠাইত আশ্ৰয় লয়।

দুঘণ্টাৰ মূৰত অগ্নিনিৰ্বাপক বাহিনীৰ ৭-৮ খন বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱাত ৰক্ষা পৰে অঞ্চলটো।

অ’ এন জি চিৰ ভুলৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Leave a Comment