IPS বিষয়া পংকজ কুমাৰ সিঙ সীমান্ত সুৰক্ষা বাহিনী (BSF) ৰ নতুন সঞ্চালক প্ৰধান

নিউজ ডেস্ক। ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বেটচৰ বিষয়া পংকজ কুমাৰ সিঙৰ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ।

মঙলবাৰে নতুন সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে তেওঁ।

G2

আনহাতে তেওঁৰ বেটচৰ সহকৰ্মী সঞ্জয় অৰোৰাই ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) ৰ কমাণ্ডৰ দায়িত্ব গ্ৰহণ কৰে।

ৰাজস্থান কেডাৰৰ আইপিএছ বিষয়া পংকজ কুমাৰ সিঙে বিএছএফৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

E-Hq-MWx-VEAMGy-SD

সিঙৰ পিতৃ তথা ১৯৫৯ বেটচৰ অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া প্ৰকাশ সিঙেও ১৯৯৩ চনৰ জুনৰ পৰা ১৯৯৪ চনৰ জানুৱাৰীলৈ বিএছএফৰ মহানিৰ্দেশক হিচাপে দায়িত্ব পালন কৰিছিল।

বিএছএফত পিতৃৰ পিছত পুত্ৰই সেই পদবীত কাৰ্যনিৰ্বাহ কৰা এইয়াই প্ৰথম।

E-Hd8-Tm-WYAYi74z

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেবিনেটৰ নিযুক্তি সমিতিয়ে ২৫ আগষ্টত সিঙক বিএছএফৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল।

Leave a Comment