অসম

পুত্ৰক মাত লগাই ৰে’লৰ পৰা নামিবলৈ লওঁতেই কৰুণ মৃত্যুক সাৱটিলে মাতৃয়ে…

এক শোকাৱহ ঘটনা।

পুত্ৰক মাত লগাই ৰে’লৰ পৰা নামিবলৈ লওঁতেই কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মাতৃয়ে।

চলন্ত ৰে’লৰ পৰা নামিবলৈ লওঁতেই পৰি যায় মহিলাগৰাকী।

চিলাপথাৰৰ ৰে’ল ষ্টেশ্যনত সংঘটিত এই ঘটনা।

গুৱাহাটী অভিমুখী মুৰকংছেলেক নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ পৰা পৰি চিচিবৰগাঁৱৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

এই ঘটনাই সমগ্ৰ চিচিবৰগাঁৱতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰা অনুসৰি চিচিবৰগাঁও আৰক্ষী চকীৰ নিচেই কাষৰে শিক্ষক সোনেশ্বৰ চুতীয়াই গুৱাহাটীৰ জালুকবাৰীত ইঞ্জিনিয়াৰিং পঢ়ি থকা সৰু পুত্ৰক ৰে’লত উঠাই আগবঢ়াই থবলৈ কালি নিশা পৰিয়ালসহ চিলাপথাৰ ৰে’লৱে ষ্টেচনলৈ গৈছিল।

সৰু পুত্ৰৰ বেগসমূহ ৰে’লত ঠিক কৰি মহিলাগৰাকী নামি আহিব খোজোতেই ৰে’লখন চলি যায়।

মহিলা গৰাকীয়ে চলিব ধৰা ৰে’লখনৰ পৰা নামি দিয়াত প্লেটফৰ্মৰ ওপৰতে পৰি যায় আৰু মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়।

মৃত মহিলাগৰাকীৰ নাম বিনু চুতীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *