আন্তঃৰাষ্ট্ৰীয়অসমীয়া

IPL চাবলৈ অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱকৰ, আটক

নিউজ ডেস্ক। ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱাই নামানে কোনো বাধা।

এই কথা পুনৰ প্ৰমাণ কৰিলে বাংলাদেশৰ এজন ক্রিকেটবলিয়া যুৱকে।

ভিছা-পাছপোর্ট অবিহনে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা মহম্মদ ইব্রাহিম নামৰ এই যুৱকজনৰ আশা অৱশ্যে পূৰণ নহ’ল।

p1 17

বাংলাদেশৰ নাৰায়ণগঞ্জৰ বাসিন্দা ইব্রাহিমৰ শৈশৱৰ পৰা আছিল ক্ৰিকেটৰ প্ৰতি গভীৰ প্ৰেম।

সপোন দেখিছিল ষ্টেডিয়ামত বহি আই পি এলৰ মেচ উপভোগ কৰা।

কিন্তু পাছপোর্ট অথবা ভিছা একোৱেই নাছিল লগত। কেৱল জানিব পাৰিছিল যে দালালক টকা দিলে সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিব পাৰি।

আশা কৰিছিল কোনোমতে ভাৰতত প্ৰৱেশ কৰিব পাৰিলেই কলকাতা হৈ মুম্বাইলৈ গৈ উপভোগ কৰিব পাৰিব খেল।

এজন দালালৰ সহায়ত সীমান্ত পাৰ হ’বলৈ সক্ষম হ’লেও অৱশেষত ধৰা পৰে বি এছ এফৰ হাতত।

বি এছ এফক জনোৱা মতে বাংলাদেশৰ এজন দালালক নিজৰ কষ্টোপার্জিত ৫০০০ টকাও দিছিল তেওঁ।

এই সম্পর্কে প্রাথমিক অনুসন্ধানৰ পাছত বি এছ এফ নিশ্চিত হয় যে খেল উপভোগ কৰিবলৈকে ভাৰতলৈ আহিছিল ইব্রাহিম।

সেইবাবে তেওঁক আবদ্ধ কৰি নাৰাখি গতাই দিয়ে বাংলাদেশ বৰ্ডাৰ গাৰ্ডক।

লগতে চাওকঃ

মই মদ খােৱা নাছিলােঁ! নিজকে নিৰ্দােষী বুলি দাবী ডিআই চালক অভিজিৎ গগৈৰ

G4 14

Leave a Reply

Your email address will not be published. Required fields are marked *