অসম

অসম গণ পৰিষদত যোগদান কৰিলে NSUIৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰাই…

অসম গণ পৰিষদত যোগদান কৰিলে NSUIৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰাই।

এমাহ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ দল ত্যাগ কৰিছিল যুৱনেতা পাৰ্থপ্ৰতিম বৰাই।

তৰুণ গগৈ চৰকাৰৰ দিনত ৰাজ্যিক NSUIৰ সভাপতি পদত আছিল পাৰ্থপ্ৰতিম বৰা।

সোমবাৰে অতুল বৰা, কেশৱ মহন্তৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগ দিলে অসম গণ পৰিষদ।

অসম গণ পৰিষদত যোগদান কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে পাৰ্থপ্ৰতিম বৰা।

পাৰ্থপ্ৰতিম বৰাৰ মতে কংগ্ৰেছ দলটো এতিয়া বহুধা বিভক্ত আৰু দলটো এতিয়া এটা ক্লাৱলৈ ৰূপান্তৰিত হৈছে।

আনকি কংগ্ৰেছৰ বহু শীৰ্ষ নেতাই মুখ্যমন্ত্ৰীৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰাখিছে বুলিও কয় পাৰ্থপ্ৰতিম বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *