নিউজ ডেস্কঃ বিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰা এজন অটো চালকৰ হাতত শনিবাৰে প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী জনপ্ৰিয় ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে। ছিয়া নামৰ ৩৩ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ নিৰুদ্দেশ হোৱাৰ চাৰিদিনৰ পাছত এটা পানীৰ টেংকীৰ ভিতৰত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযুক্ত সমীৰ নামৰ অটো চালকজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
ইনষ্টাগ্ৰামৰ জৰিয়তে গঢ়ি উঠা বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ পাছত শিয়াই নিজৰ ঘৰ এৰি মধ্য প্ৰদেশৰ বাসিন্দা সমীৰৰ সৈতে থাকিবলৈ লৈছিল। বিয়াৰ পাছতহে ছিয়াই গম পাইছিল যে সমীৰ ইতিমধ্যে বিবাহিত আৰু তেওঁৰ পত্নীও সেই একেটা ঘৰতে থাকে। এই বিয়াৰ কথা লুকুৱাই ৰখা আৰু প্ৰতাৰণাৰ বাবেই যোৱা ৯-১০ ফেব্ৰুৱাৰীৰ আশে-পাশে দুয়োৰে মাজত তীব্ৰ সংঘাতৰ সূত্ৰপাত হৈছিল।

আৰক্ষীৰ মতে, বিবাদ চৰম পৰ্যায় পোৱাত সমীৰে খঙৰ ভমকত ছিয়াক ডিঙি চেপি হত্যা কৰে। হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰিবলৈ তেওঁ নিজৰ প্ৰথমগৰাকী পত্নীয়ে যৌতুকত পোৱা এটা লোহাৰ বাকচত ছিয়াৰ মৃতদেহটো ভৰাই থৈছিল। পাছত ঘৰৰ ওচৰৰে এটা পানীৰ টেংকীত বাকচটো দলিয়াই দি ঘটনাটো লুকুৱাবলৈ চেষ্টা কৰে।
১২ ফেব্ৰুৱাৰীত স্থানীয় লোকে টেংকীটোত এটা সন্দেহজনক পেটি উপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পেটিটো খুলি মহিলাগৰাকীৰ পঁচা মৃতদেহটো উদ্ধাৰ কৰে। ছিয়াৰ হাতত থকা এটা বিশেষ টেটুৰ জৰিয়তে তেওঁক চিনাক্ত কৰা হয়। আৰক্ষীৰ জেৰাত হত্যাকাৰী সমীৰে নিজৰ অপৰাধ স্বীকাৰ কৰিছে।









