
১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, সুৰক্ষিত ১০৪ যাত্ৰী
লক্ষ্ণৌঃ পাটনাৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰা ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত মাজ আকাশতে বজ্ৰপাতৰ ফলত বিমানখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয়। প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাত সংঘটিত এই ঘটনাৰ পিছত পাইলটে লক্ষ্ণৌ বিমানবন্দৰত বিমানখন নিৰাপদে জৰুৰী অৱতৰণ কৰোৱায়। বিমানখনত থকা ১০৪ গৰাকী যাত্ৰী সুৰক্ষিত আছে। এই ঘটনাৰ (ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত) পিছত বিমানখনৰ কাৰিকৰী পৰীক্ষা চলি আছে।

সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে বিয়লি ৩:১০ বজাত পাটনা বিমানবন্দৰৰ পৰা ১০৪ গৰাকী যাত্ৰী লৈ ইণ্ডিগ’ৰ ‘৬ই৯২৫’ নম্বৰৰ বিমানখনে লক্ষ্ণৌ অভিমুখে উৰা মাৰিছিল। নিৰ্ধাৰিত সময় অনুসৰি বিয়লি ৪:২০ বজাত বিমানখন লক্ষ্ণৌত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু গন্তব্যস্থান পোৱাৰ কিছু সময় পূৰ্বে আকাশত বিজুলী-ধেৰেকণিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয়। প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাত উৰি থকাৰ সময়তে বজ্ৰপাতে আঘাত হানে বিমানখনৰ সন্মুখৰ অংশত।
ইফালে, সন্মুখভাগ ক্ষতিগ্ৰস্ত হোৱা সত্ত্বেও পাইলটে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। বিয়লি প্ৰায় ৪:০৫ বজাত লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয়। বিমানখন অৱতৰণ কৰাৰ পিছত সকলো যাত্ৰীক সুৰক্ষিতভাৱে নমাই অনা হয়। প্ৰতিবেদন অনুসৰি, এই ঘটনাত কোনো যাত্ৰী বা কৰ্মচাৰী আহত হোৱা নাই।
অৱতৰণৰ পিছত কাৰিকৰী বিজুতিৰ বাবে বিমানখনক লক্ষ্ণৌ বিমানবন্দৰতে ৰখা হয়। সূচী অনুসৰি এই বিমানখনৰে লক্ষ্ণৌৰ পৰা আহমেদাবাদলৈ আন এক সেৱা আগবঢ়োৱাৰ কথা আছিল। পৰৱৰ্তী সময়ত বিমান সংস্থাটোৱে অন্য এখন বিকল্প বিমানৰ ব্যৱস্থা কৰি দিয়ে আৰু সন্ধিয়া প্ৰায় ৬:২২ বজাত ১০৪ গৰাকী যাত্ৰীক আহমেদাবাদ অভিমুখে ৰাওনা কৰোৱা হয়। সম্প্ৰতি অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞৰ দলে ক্ষতিগ্ৰস্ত বিমানখন পৰীক্ষা কৰি আছে।
উল্লেখ্য যে, যোৱা ১৯ জুনতো কলকাতা বিমানবন্দৰত আগৰতলা অভিমুখী ইণ্ডিগ’ৰ আন এখন বিমানত অনুৰূপ ধৰণে বজ্ৰপাতে আঘাত হানিছিল। সেই বিমানখনত ১৪১ গৰাকী যাত্ৰী আৰু ৬ গৰাকী বিমান কৰ্মী আছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শেহতীয়া ঘটনাতো (ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত) সকলো যাত্ৰী সুৰক্ষিত থকাত স্বস্তি প্ৰকাশ কৰা হৈছে।





